আজিজুল হক

বৰপেটা 

২৮ অক্টোবৰ

কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ আচৰণগত পৰিবৰ্তনৰ আৱশ্যকতাৰ সম্পৰ্কে বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ উদ্যোগত সমগ্ৰ জিলাখনতে বুধবাৰৰ পৰা বিশেষ সজাগতা অভিযান আৰম্ভ কৰা হৈছে। সাত দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অভিযানৰ পুৱা ৯ বজাত বৰপেটাত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাসে।

বৰপেটা চহৰৰ পাঁচআলিত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি বিধায়ক গৰাকীয়ে ৰাইজক ৰাজহুৱা স্থানত সকলো সময়তে মাস্ক পৰিধান কৰি থাকিবলৈ আৰু হাত পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনায়। নিজেও অলপতে কৰোনাৰ কবলত পৰাৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই বেমাৰ সচাকৈয়ে অতি বিপজ্জনক। ইয়াক কোনেও লঘু কৰি চোৱাটো উচিত নহয়। অনুষ্ঠানত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা অংশ লৈ কয় যে, এতিয়া ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যায়ক্ৰমে লক ডাউন শিথিল কৰি দিয়া হৈছে যদিও কৰ’ণাৰ ভয়াবহতা আতৰা নাই। নিতৌ শ-শ নতুন ৰোগী চিনাক্ত হৈ আছে আৰু যথেষ্ট সংখ্যকে মৃত্যুক সাৱতি ল’বলগীয়াও হৈছে। সেয়ে সাৱধান হৈ থকাটো এটা অভ্যাসত পৰিণত কৰিব লাগিব। উপায়ুক্ত গৰাকীয়ে মাস্ক পৰিধান, সামাজিক দূৰত্ব বৰ্তাই ৰখা, ঘনাই হাত ধোৱা, অতি প্ৰয়োজন নহ’লে বাহিৰলৈ ওলাই নোযোৱা আদিৰ সতৰ্কতা অৱলম্বন কৰিবলৈ ৰাইজক আহ্বান জনায়। আনলক অৱস্থাত আমি অধিক সাৱধান হ’ব লাগিব বুলি উপায়ুক্ত গৰাকীয়ে মন্তব্য কৰে। অতিৰিক্ত উপায়ুক্ত সান্তনা বৰাই আতঁধৰা অনুষ্ঠানটোত চক্ৰ বিষয়া প্ৰাঞ্জল কুমাৰ দাস আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ প্ৰকল্প বিষয়া ডঃ নন্দিতা দত্ত‌ও উপস্থিত থাকে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জানিবলৈ দি কয় যে এই সজাগতা অভিযানৰ অংশ হিচাপে ৰাইজৰ মাজত মাস্ক বিতৰণ কৰা হয়। বৰপেটাৰ চহৰৰ লগতে একে সময়তে হাউলী আৰু সৰ্থেবাৰী চহৰতো অনুৰূপ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। অহা ৩ নৱেম্বৰলৈ চলিব লগীয়া এই কাৰ্যসূচীয়ে জিলাখনৰ সকলো চহৰকে সামৰি লৈ ব্যাপক হাৰত সজাগতা অভিযান চলোৱা হ’ব বুলি জনসংযোগ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে। জিলাখনৰ তিনিওখন চহৰতে জিলা জনসংযোগ বিভাগৰ ভ্ৰাম্যমাণ অনুভাষ যন্ত্ৰৰ জৰিয়তেও প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়।