গুৱাহাটী 

২১ মে’

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাসহ ১২৬ জন নৱ নিৰ্বাচিত বিধায়কে শপত গ্ৰহণ কৰিলে। শপত পাঠ কৰিলে নতুন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে। কাৰাবন্দী কৃষক নেতা তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈও বিধায়ক হিচাপে শপত পাঠ কৰিলে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অখিল গগৈ উপস্থিত হয় বিধানসভাৰ মজিয়াত।

শুকুৰবাৰৰ পৰা আৰম্ভ হয় অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ। পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশৰ দিনা শপত গ্ৰহণ কৰে নতুনকৈ নিৰ্বাচিত হোৱা ১২৬ জন বিধায়কে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালৰ লগতে ১২৬ জন নৱ নিৰ্বাচিত বিধায়ক সকলক প্ৰ’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে পাঠ শপতবাক্য পাঠ কৰায়।

১২৬ জন নৱ নিৰ্বাচিত বিধায়ক সকলক বিধায়ক পদৰ বাবে প্ৰ’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে শপতবাক্য পাঠ কৰোৱাৰ লগতে নতুন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনকো শপতবাক্য পাঠ কৰায়। ইফালে নৱ নিৰ্বাচিত ১২৬ জন বিধায়কৰ শপত গ্ৰহণ অনুষ্ঠানত সকলোৰে দৃষ্টি থাকে কৃষক নেতা অখিল গগৈৰ ওপৰত। কাৰাবন্দী কৃষক নেতা গৰাকীও বিধায়ক পদৰ শপতবাক্য পাঠ কৰে।

১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা অখিল গগৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাৰ পিছত আনুষ্ঠানিকভাৱে বিধায়ক পদৰ বাবে শপতবাক্য পাঠ কৰে। ডেৰ বছৰতকৈ অধিক সময় ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছে। অখিল গগৈক চিকিৎসালয়ৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত শপত গ্ৰহণৰ বাবে বিধানসভালৈ অনা হয়।