গুৱাহাটী

২৩ জুন

মহানগৰ আৰক্ষীয়ে পুনৰ লাভ কৰিলে এক বৃহৎ সাফল্য। আৰক্ষীয়ে ধাৰাপুৰ মজলীত ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰিলে ২ কোটি ৫৫ লাখ টকা মুল্যৰ নিচাজাতীয় টেবলেট। ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত থকা ছফিকুল ইছলাম আৰক্ষীৰ জিন্মাৰ পৰা পলায়ন কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে ছফিকুল ইছলামক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলীত আহত হোৱা ড্ৰাগছ ব্যৱসায়ী ছফিকুল ইছলামক মহেন্দ্ৰ মোহন হাস্পতালত ভৰ্তি।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰ গতিত চলি আছে। উজনিৰ পৰা নামনিলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ এই অভিযানত প্ৰতিদিনে জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী, জব্দ হৈছে আছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। ড্ৰাগছৰ ঘটিত পৰিণত গুৱাহাটী মহানগৰীত আৰক্ষীয়ে অভিযান চলাই কেইবাটাও গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰাৰ পিছত মঙলবাৰে নিশাৰ ভাগত এজ উল্লেখযোগ্য সাফল্য লাভ কৰে মহানগৰ আৰক্ষীয়ে।

নিশা মহানগৰীৰ ধাৰাপুৰৰ মজলীত মহানগৰ আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলায়। আৰক্ষীয়ে ধাৰাপুৰৰ মজলীৰ ছফিকুল ইছলাম নামৰ এজন লোকৰ বাসগৃহত অভিযান চলাই ডেৰ লাখ ‘য়াবা’ নামৰ নিচাজাতীয় টেবলেট জব্দ কৰে। নিচাজাতীয় টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি ৫৫ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।

প্ৰায় ৬ মাহ ধৰি ধাৰাপুৰৰ মজলীৰ নিজ বাসগৃহৰ পৰা ছফিকুল ইছলামে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল। আৰক্ষীয়ে অভিযানত ছফিকুল ইছলামৰ বাসগৃহৰ পৰা নিচা জাতীয় টেবলেটৰ লগতে নগদ ২৬ লাখ টকা জব্দ কৰে। ছফিকুল ইছলামৰ দুখন বিলাসী চাৰিচকীয়া বাহনো জব্দ কৰে আৰক্ষীয়ে।

আনহাতে অভিযানৰ অন্তত আৰক্ষীয়ে ছফিকুল ইছলামক আজাৰা আৰক্ষী থানা লৈ অনাৰ সময়তে চলন্ত গাড়ীৰ পৰা জঁপিয়াই ধাৰাপুৰ বজাৰত পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে ছফিকুল ইছলামক লক্ষ্য কৰি গুলী চালনা কৰে। গুলীচালনাত গুৰুত্বৰভাৱে আহত হয় ড্ৰাগছ মাফিয়া ছফিকুল ইছলাম। ছফিকুল ইছলামক মহেন্দ্ৰ মোহন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।