জোনমণি বেগম

বিশ্বনাথ

২৩ জুন

সেনা বাহিনীৰ গাড়ীৰ খুন্দাত থিতাতে নিহত স্কুটি আৰোহী। বুধবাৰে পুৱাৰ ভাগতে বিশ্বনাথত সংঘটিত হৈছে এক শোকবাহ পথ দুর্ঘটনা। বিশ্বনাথৰ দগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সেনা বাহিনীৰ গাড়ীৰ খুন্দাত থিতাতে নিহত হয় এজন স্কুটি আৰোহী।

নিহত স্কুটি আৰোহী জন বিশ্বনাথ চাৰিআলি নগৰ পৌৰ সভাৰ নগৰ প্ৰকল্প বিষয়া ৰাজীৱ আহমেদ বুলি জানিব পৰা গৈছে। স্কুটিৰে গৈ থকা অৱস্থাত ৰাজীৱ আহমেদ নামৰ লোক জনক ভাৰতীয় সেনা বাহিনীৰ গাড়ীয়ে মহতিয়াই নিয়ে।

এই ভয়াবহ পথ দুর্ঘটনাত থিতাতে নিহত হয় স্কুটি আৰোহী ৰাজীৱ আহমেদ। সেনা বাহিনীৰ গাড়ীখনে অভাৰটেক কৰিবলৈ গৈ সংঘটিত কৰে এই দূৰ্ঘটনা। দুর্ঘটনাত পতিত হোৱা স্কুটিখনৰ নম্বৰ এএছ-৩২-৪৭৬৪। পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।