তিনিচুকীয়া

২৭ অক্টোবৰ

মাত্ৰ দুহেজাৰ টকা জৰিমনাৰ বিনিময়ত মুকলি কৰি দিয়া হ’ল হাতে হাতে অস্ত্ৰ লৈ মটৰ চাইকেল ৰেলি উলিওৱা যুৱক সকলক। তিনিচুকীয়া আৰক্ষীয়ে ৰুজু নকৰিলে কোনো গোচৰ। ৰাজ্যজুৰি প্ৰতিক্ৰিয়া, বজৰং দলৰ হ’লেই সাত খুন মাফ নেকি! বজৰং দলৰ সদস্যৰ বাবে আইন পৃথক নেকি বুলিও এতিয়া বিভিন্ন সামাজিক মাধ্যমত ৰাইজৰ প্ৰশ্ন।

বিজয়া দশমীৰ দিনাই তিনিচুকীয়াৰ ৰাজপথত সংঘটিত হৈছল এক চাঞ্চল্যকৰ ঘটনা। হাতে হাতে দা-চোকা অস্ত্ৰ-তৰোৱাল লৈ ৰাজপথলৈ ওলাই আহি তাণ্ডৱ চলাইছিল এদল যুৱকে। তিনিচুকীয়া আৰক্ষীয়ে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি যুৱকৰ দলটোৰ কেইবাজনো সদস্যক খেদি খেদি আটক কৰিছিল যদিও আৰক্ষীয়ে মাত্ৰ দুহেজাৰ টকা জৰিমনালৈ যুৱক কেইজনৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ ৰুজু নকৰাকৈ মুকলি দিয়কলৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তিনিচুকীয়া আৰক্ষীয়ে যুৱক কেইজনৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ ৰুজু নকৰাত ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে বজৰং দলৰ হ’লেই সাত খুন মাফ নেকি! বজৰং দলৰ সদস্যই ভৰিৰে মোহাৰিব পাৰে নেকি সকলো নীতি নিয়ম। উল্লেখ্য যে চৰকাৰে দুৰ্গা পূজা উদযাপনকলৈ এইবাৰ বিশেষ কিছুমান নীতি-নিৰ্দেশনা বান্ধি দিছিল। বিজয়া দশমী উদযাপনৰ ক্ষেত্ৰতো আছিল বহু চৰকাৰী নীতি-নিৰ্দেশনা। বিজয়া দশমী দিনাই যুৱকৰ দলটোৱে সকলো চৰকাৰী নীতি-নিৰ্দেশনা ভংগ কৰি হাতে হাতে অস্ত্ৰলৈ, একোখন মটৰ চাইকেলত দুই-তিনিজন যুৱক উঠি ৰাজপথত তাণ্ডৱৰ সৃষ্টি কৰিছিল। তিনিচুকীয়া চহৰৰ ৰাজপথৰ প্রায় ৭০ জন যুৱকৰ দলটোৱে মটৰ চাইকেল সমদল উলিয়াই হাতে হাতে দা-চোকা অস্ত্ৰ-তৰোৱাল লৈ ৰাজপথত মুক্ত বিচৰন কৰাত ৰাইজ আতংকিত হৈ পৰিছিল।

তিনিচুকীয়া আৰক্ষীয়ে ৰাজপথত খেদি খেদি যুৱকৰ দলটোৰ কেইবাজনো সদস্যক আটক কৰাৰ লগতে বহু কেইখন মটৰ চাইকেল জব্দ কৰিছিল। আৰক্ষীয়ে আটক কৰা যুৱক কেইজনে নিজকে বজৰং দলৰ সদস্য বুলি চিনাকি দিছিল। আৰক্ষীয়ে আটক কৰা যুৱক কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰি মাত্ৰ দুহেজাৰ টকা জৰিমনালৈ মুকলি কৰি দিয়া কাৰ্যক সহজভাৱে ল’ব পৰা নাই ৰাইজে। ৰাইজে প্ৰশ্ন কৰিছে আইন সকলোৰে বাবে একেই নহয় নেকি? বজৰং দলৰ সদস্যৰ বাবে আইন পৃথক নেকি বুলিও এতিয়া বিভিন্ন সামাজিক মাধ্যমত ৰাইজৰ প্ৰশ্ন।