ফজলুৰ ৰহমান

সোণতলী

২৭ অক্টোবৰ

দক্ষিণ কামৰূপৰ বৃহত্তৰ সোণতলীৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ সোণতলী আঞ্চলিক মহাবিদ্যালয়ত ব্যাপক দুৰ্নীতি৷ দুৰ্নীতিৰ সদাগৰ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° আবুল কালাম আজাদ৷ দুৰ্নীতিৰ সদাগৰ ড° আবুল কালাম আজাদৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ জিবিৰ সভাপতি নুৰুল আমিন ভূঞা আৰু অধ্যাপক তথা প্ৰাক্তন ডি ডি অ নৌসাত আলীৰ যুটীয়া সংবাদমেল।

সোণতলী আঞ্চলিক মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° আবুল কালাম আজাদে আলোচনীৰ প্ৰকাশ কৰাৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰতিবছৰে ধন সংগ্ৰহ কৰে ঠিকেই কিন্তু আজিলৈ আলোচনী প্ৰকাশ নকৰাৰ অভিযোগ৷ মহাবিদ্যালয়খন স্থাপিত কৰাৰ পিছৰেই পৰা আজিলৈ এবাৰো আলোচনী ছপা নকৰি ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা ৮-৯ লাখ টকা আত্মসাত কৰাৰ গুৰুত্বৰ অভিযোগ উথাপিত হৈছে অধ্যক্ষৰ বিৰুদ্ধে৷ জিবিৰ সভাপতি গৰাকীয়ে কেবাবাৰো অডিট কমিটী বনাই দিয়াৰ পিছতো মহাবিদ্যালয়খনৰ অধ্যক্ষই ২০১৪ চনৰ পৰা আজিলৈ কোনো উন্নয়নমূলক কামৰ হিচাপ নিদিয়াৰো অভিযোগ উথাপিত হৈছে।উ ল্লেখ্য যে মহাবিদ্যালয়খনত প্ৰতিবছৰে মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবে অহা শিক্ষামূলক ভ্ৰমনৰ নামত অহা টকাও মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰে।

অধ্যক্ষ গৰাকীয়ে মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবে অহা শিক্ষামূলক ভ্ৰমনৰ টকাৰে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি অইন মহাবিদ্যালয়ত পঢ়া থকা নিজৰ পুত্ৰক সোণতলী আঞ্চলিক মহাবিদ্যালয়ত পঢ়া বুলি পৰিচয় দি শিক্ষামূলক ভ্ৰমণ কৰোৱাৰো অভিযোগ তুলিছে কলেজ খনৰেই জিবিৰ সভাপতি নুৰুল আমিন ভূঞাৰ লগতে প্ৰাক্তন ডি ডি অতথা অধ্যাপক নৌসাদ আলীয়ে৷