গুৱাহাটী, সংবাদ ৩৬৫, ৭ এপ্ৰিলঃ অসমীয়া চলচ্চিত্ৰৰ যশস্বী পৰিচালক, নাট্যকাৰ তথা নাট পৰিচালক মুনিন বৰুৱাৰ দেহাৱসানত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে গভীৰ শােক প্রকাশ কৰে। এক শােকবার্তাত মুখ্যমন্ত্রীয়ে মুনিন বৰুৱাৰ বিয়ােগ অসমীয়া চলচ্চিত্র তথা নাট্য জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি প্ৰকাশ কৰে। প্রতিমাৰ পৰা আৰম্ভ কৰি শেহতীয়া প্রিয়া প্রিয়লৈকে বহু কেইখন চিনেমা নির্মাণ কৰা প্রয়াত বৰুৱা দেৱে তেখেতৰ জনপ্রিয় চিনেমা প্রভাতী পখীৰ গান, দাগ, নায়ক, হিয়া দিয়া নিয়া, বিধাতা, বাৰুদ, দীনবন্ধু, ৰামধেনু আদিৰ জৰয়িতে আমাৰ চিনেমা জগতলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে। অসমীয়া ছবি জগতক গতিশীলৰূপ প্ৰদান কৰাৰ উপৰি বহু মননশীল নাটকেৰে আমাৰ নাট্য সাহিত্যলৈ তেখেতে যি অৱদান আগবঢ়াই গ’ল সেয়া আমাৰ বাবে অমূল্য সম্পদ হৈ ৰ’ব। সমগ্ৰ জীৱন নাটক আৰু ছবি জগতৰ উৎকর্ষতাৰ বাবে কাম কৰি যােৱা এই গৰাকী পুৰােধা পৰিচালকৰ মৃত্যু আমাৰ সাংস্কৃতিক জীৱনৰ বাবে অপূৰণীয় ক্ষতি। মুখ্যমন্ত্ৰীয়ে যশস্বী পৰিচালক মুনিন বৰুৱাৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনােৱাৰ লগতে শােকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। আনহাতে বিশিষ্ট পৰিচালক মুনিন বৰুৱাৰ মৃত্যুত গভীৰ শােক প্রকাশ কৰিছে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামীয়ে। এক শােকবার্তাত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা গৰাকীয়ে প্রয়াত মুনিন বৰুৱাই অসমীয়া চিনেমা আৰু নাট্য জগতলৈ আগবঢ়াই যােৱা অৱদান স্মৰণ কৰাৰ লগতে তেওঁৰ মৃত্যু অসমীয়া চলচ্চিত্র আৰু নাট্য জগতৰ বাবে এক পূৰাব নােৱাৰা ক্ষতি বুলিও কয়। মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা গৰাকীয়ে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্রার্থনা জনােৱাৰ উপৰি শােকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। আনহাতে সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে আৰু মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামীয়ে ৰাজ্য চৰকাৰৰ হৈ বিশিষ্ট পৰিচালক গৰাকীক শেষ শ্রদ্ধা নিবেদন কৰে।