মুছলপুৰ, সংবাদ ৩৬৫, ১৭ আগষ্ট: মৃত্যু চিৰন্তন সত্য। মানৱ জীৱনৰ চৰম সত্যই হৈছে মৃত্যু। দেশৰ সৰ্বকালৰ জনপ্ৰিয় প্ৰাক্তন প্ৰয়াত প্ৰধানমন্ত্ৰী তথা পিতামহিৰূহ অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশবাসী ৷ ৰাজনৈতিক নেতাৰ পৰা আদি কৰি সাধাৰণ জনতালৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ মৃত্যুৰ শোকত ম্ৰিয়মান হৈ পৰিছে। বাক্সা জিলাৰ মুছলপুৰতো এৱছুৱে শুক্ৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত শোকপ্ৰকাশ কৰি এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰে ৷ শুক্ৰবাৰে পুৱা ৰাষ্ট্ৰীয় পতাকা অৰ্ধ নিৰ্মিত কৰি মহান নেতাগৰাকীৰ প্ৰতিচ্ছৱিত পুস্পাঞ্জলি অৰ্পন কৰে ৷ বড়ো জাতিৰ উন্নয়নৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ অৱদানক স্বীকাৰ কৰি আত্মাৰ সদ্গতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় এবছুয়ে। জনপ্ৰিয় প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি মুছলপুৰ চেম্বাৰ্চ অৱ কমাৰ্চেও ১২ ঘন্টা দোকান -পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখে ৷
