শ্ৰীৰামপুৰ, সংবাদ ৩৬৫, ১৭ আগষ্ট: ভাৰত ৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰয়াণত হাতীধূৰা মণ্ডল বিজেপি কমিটিৰ উদ্যোগত শুক্ৰবাৰে বিয়লি ৪ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰা হয়।উক্ত অনুষ্ঠানত হাতীধূৰা মণ্ডল বিজেপিৰ সভাপতি সুৰত ৰায়,মণ্ডল যুৱ মৰ্চাৰ সভাপতি সহ হাতীধূৰা মণ্ডল বিজেপিৰ বহুতো সদস্য বৃন্দ উপস্থিত থাকে। অনুষ্ঠানত প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবিত মাল্যপৰ্ন কৰি চাকি জ্বলাই সকলোৱে এক মিনিট মৌন প্ৰাৰ্থনা কৰি প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ আত্মাৰ সদগতি কামনা কৰে । সভাত হাতীধূৰা মণ্ডল বিজেপিৰ সভাপতি সুৰত ৰায়ে প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ কৰ্ম জীৱনৰ বিষয়ে বাখ্যা কৰি অনুষ্ঠানত উপস্থিত সকলো পৰ্য্যায়ৰ দলীয় কাৰ্যকৰ্তাক অনুৰোধ জনায় কয় সন্ধিয়া সকলোৰে পৰিয়ালৰ নিজ নিজ পদুলিত যেন এগছি বন্তি প্ৰজ্বলন কৰি প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ সদগতি কামনা কৰে।