তাৰাবাৰী, সংবাদ ৩৬৫, ১৭ আগষ্ট: বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে ছাত্ৰী অপহৰণকাৰী এজন যুৱক । বহৰিৰ এখন বিদ্যালয়ৰ পৰা যোৱা ১৪ আগষ্টত প্ৰথম পিৰিয়ড শেষ হোৱাৰ পিছত এগৰাকী পোন্ধৰ বছৰীয়া তথা অষ্টম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন হৈছিল । বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে যোৱা ১৫ আগষ্টত ঘটনা সন্দৰ্ভত তাৰাবাৰী আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছিল । পাছত তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসৰ তৎপৰতাত তীব্ৰ অভিযান চলাই বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত শুহাবিল দলনীৰ পৰা আটক কৰে ছাত্ৰী অপহৰণত অভিযুক্ত এজন যুৱকক । ধৃত যুৱকজন পালহাজী গাঁৱৰ আব্দুল হালিমৰ পুত্ৰ ৰজৱ মিঞা(২২) বুলি জানিব পৰা গৈছে । তাৰাবাৰী আৰক্ষী থানাত ৰুজু হোৱা ২০৪ / ১৮ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধিৰ ৩৬৬ (এ) ধাৰাৰ অধীনত ধৃত ৰজৱ মিঞাক তাৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শুক্ৰবাৰে আদালতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।