ন বিজেপি কৰ্মীৰ অবৈধ ধন সংগ্ৰহৰ অভিযোগ 
কাকী,২৯ এপ্ৰিলঃ যমুনামুখ সমষ্টিত বিজেপি দুই ভাগত বিভক্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷ পশ্চিম মণ্ডলৰ সভাপতিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে  সমষ্টিটোৰ সম্পাদক সহ শতাধিক বিজেপি কৰ্মী৷  ডবকা গড়কাপ্তানি পৰিদৰ্শন ভৱনত এক সংবাদ মেলত আয়োজন কৰি এইসকল কৰ্মীয়ে সভাপতি জয় ভদ্ৰৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ তেওঁলোকে ৰাজ্যিক-জিলা সমিতিৰ ওপৰতো  অসন্তুষ্টি প্ৰকাশ কৰিছে৷ ৰাজ্যিক আৰু জিলা সমিতিক সভাপতি জয় ভদ্ৰৰ বিৰুদ্ধে লিখিত অভিযোগ দিয়াৰ পিছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে এইসকল দলীয় কৰ্মীয়ে৷ তদুপৰি বিভিন্ন দলৰ পৰা অহা ন বিজেপিৰ কৰ্মীৰ মইমতালিত এইসকল কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰিছে৷ বিশেষকৈ পুৰণি দলীয় সংখ্যালঘু বিজেপি নেতাক ন বিজেপি কৰ্মীসকলে গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাজহুৱাকৈ উত্থাপন কৰে৷ সংবাদমেলত উপস্থিত কৰ্ম-কৰ্তা সকলে ৰাজ্যিক-জিলা সমিতিয়ে শীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে  দলত্যাগ কৰাৰ হুংকাৰ দিয়ে ৷ আনহাতে একাংশ ন বিজেপি কৰ্মীয়ে জধে-মধে চৰকাৰী কাৰ্যালয়ত অবৈধ ভাবে ধন সংগ্ৰহ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ সংবাদ মেলখনত যমুনামুখ সমষ্টিৰ পশ্চিম মণ্ডলৰ সম্পাদক দেৱ শইকীয়া, উপ-সভাপতি বলেন দেউৰী, বিন্নাকান্দি ব্লকৰ এমপিৰ নমিনি মহেশ্বৰ বৰাৰ লগতে শতাধিক কৰ্মী উপস্থিত থাকে৷