চল্লিশ বছৰ বয়স পাৰ হোৱাৰ লগে লগে নাৰীৰ দেহত কিছুমান ৰোগে দেখা দিয়ে। সাধাৰণ ৰোগৰ ভিতৰত অষ্টিঅ’পোৰ’ছিছ, হৃদযন্ত্ৰৰ সমস্যা, হাইপাৰটেনছন আৰু টাইপটু ডায়েবেটিছ আদি। ইয়াৰ উপৰি চল্লিশোৰ্দ্ধৰ চৰ্বিযুক্ত নাৰীৰ গ’লব্লাডাৰ ষ্টোন অধিক হোৱা দেখা যায়। চিকিৎসা শাস্ত্ৰত Fertile, Fatty, Flatulent, Fourty, Female–ৰ গ’লব্লাডাৰ ষ্টোন অধিক হয় বুলি কোৱা হয়। আনহাতে  ৫০ বছৰ পিছৰ বয়সৰ নাৰীৰ ৰেক্টোছিল, এনোৰেক্টেল ফিষ্টুলা আৰু ৬০ বছৰীয়া নাৰীৰ ইউটেৰাইন প্ৰলান্স আদি হোৱা দেখা যায়৷

স্ত্ৰী হ’ৰমনৰ তাৰতম্য হোৱা বাবে এই বয়সৰ নাৰীয়ে অনিয়মীয়া মাহেকীয়া, সঘনাই মাহেকীয়া হোৱা, অত্যাধিক আ কমকৈ ৰক্তক্ষৰণ হোৱা আদি সমস্যাত ভোগা দেখা যায়। প্ৰায় ৪৫ বছৰ বয়সত নাৰীৰ শৰীৰত হঠাৎ এষ্ট্ৰোজেন হ’ৰমন কমি যোৱাৰ বাবে প্ৰি-মেনোপোজেল ছিণ্ড্ৰমত ভোগা দেখা যায়। হঠাৎ গৰম লগা, ঘামি যোৱা, মূৰ ঘূৰোৱা, মূৰ্চ্ছা যোৱা আদি ইয়াৰ লক্ষণ। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী হ’ৰমন ৰিপ্লেচমেন্টথেৰাপী কৰিলে এই সমস্যা কমি যায়। প্ৰায় ৪৫ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত নাৰীৰ মাহেকীয়া বন্ধ হয়। ইয়াক মেনোপ’জ বুলি কোৱা হয়। মেনোপ’জ হোৱা নাৰীৰ হৃদৰোগ, অষ্টিঅ’পোৰ’ছিছ, মানসিক ৰোগ, হতাশা, হজম শক্তিৰ তাৰতম্য হোৱা, নানা কৰ্কট ৰোগ অধিক হোৱা দেখা যায়। কেতিয়াবা একো কাৰণ নোহোৱাকৈয়ে মেনোপ’জ হোৱা নাৰীৰ জৰায়ুৰপৰা ৰক্তক্ষৰণ হয়। ইয়াক DUB বুলি কোৱা হয়। এনে হ’লে জৰায়ু অস্ত্ৰোপচাৰ কৰি গুচাই দিয়া হয়। আনহাতে, ছাৰ্ভাইকেল কৰ্কট আৰু জৰায়ুৰ কৰ্কট হ’লেও মেনোপ’জ হোৱা নাৰীৰ জৰায়ুৰপৰা ৰক্তক্ষৰণ হ’ব পাৰে। আগতীয়াকৈ থিৰাং কৰি সঠিক চিকিৎসা কৰিলে ৰোগী বহুদিন বাছি থাকিব পাৰে৷

যদিও যিকোনো বয়সৰ নাৰীয়ে হ’ব পাৰে তথাপি চল্লিশোৰ্দ্ধৰ বয়সৰ নাৰীয়ে স্তনৰ কৰ্কট ৰোগ, ছাৰ্ভাইকেল কৰ্কট ৰোগ, জৰায়ুৰ কৰ্কট ৰোগ, ওভেৰীৰ কৰ্কট ৰোগ, পিত্তৰ কৰ্কট ৰোগ, খাদ্যনলীৰ কৰ্কট ৰোগ আদিত এই বয়সতে ভোগা দেখা যায়। নাৰীসকলে স্তন কৰ্কট প্ৰতিৰোধৰ বাবে ‘Self Breast Examination’ কৰি থাকিব লাগে। কিবা টেমুনা পালে চিকিৎসকৰদ্বাৰা পৰীক্ষা কৰাব লাগে। দৰকাৰ হ’লে FNAC অথবা বায়’পসী কৰি স্তন কৰ্কট থিৰাং কৰি উপযুক্ত চিকিৎসা কৰিব। ৬০ বছৰ বয়স হোৱালৈকে মহিলাই ছাৰ্ভাইকেল কৰ্কটৰ বাবে নিয়মিতভাৱে ‘পেপ স্মিয়াৰ’ কৰি থাকিব লাগে। আণুবীক্ষণিক পৰীক্ষাত কোষবোৰত প্ৰদাহৰ লক্ষণ প্ৰকাশ পালে ছমাহৰ পিছত পুনৰ পৰীক্ষা কৰোৱা উচিত। পেপ পৰীক্ষাত কোষৰ অস্বাভাৱিকতা পৰিলক্ষিত হ’লে লগে লগে ‘বায়’পসী’ কৰাব লাগে। বায়’পসীত অস্বাভাৱিকতা বা ৰোগ নিশ্চিত হ’লে সেই অনুসাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেইদৰে অন্য কৰ্কট ৰোগো আগতীয়াকৈ থিৰাং কৰি সঠিক চিকিৎসা কৰিলে ৰোগী বেছিদিন বাছি থাকিব৷

চল্লিশোৰ্দ্ধৰ বয়সৰ নাৰী বিশেষকৈ মেনোপ’জ হোৱা নাৰীয়ে মদ আৰু চিগাৰেট খোৱা বন্ধ কৰা, সৰল জীৱন যাপন কৰা, নিয়মিত সুষম আহাৰ গ্ৰহণ কৰা, নিয়মিত পৰিশ্ৰম আৰু ব্যায়াম কৰা, শৰীৰৰ ওজন সঠিককৈ ৰখা, মনটোক সফূৰ্তিত ৰখা, অষ্টিঅ’পোৰ’ছিছ স্ক্ৰীণিং কৰা, কৰ্কট ৰোগৰ স্ক্ৰীণিং কৰা (যেনে-স্তন কৰ্কট স্ক্ৰীণিং, পেপ স্মিয়াৰ, কল’ৰেক্টেল কেন্সাৰ স্ক্ৰীণিং আদি), নিয়মিত স্বাস্থ্য চিকিৎসা কৰি সুস্থ হৈ থাকিব পাৰে৷