গুৱাহাটী
৪ জুলাই
গুৱাহাটীত ১৪ দিনৰ বাবে চলি আছে কঠোৰ লক ডাউন। দোকান-বজাৰ সকলো বন্ধ, ৰাজপথ জনশূন্য। আনকি গাখীৰ ব্যৱসায়ী সকলে গাখীৰ বিক্ৰী কৰিব নোৱাৰাৰ বাবে ৰাজপথৰ ওপৰত গাখীৰ পেলাই প্ৰতিবাদ কৰিছে। ইমান কঠোৰ লক ডাউনৰ মাজতো কিছুমানে আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি চলাই যাব বিচাৰিছে মদৰ বেহা।
গুৱাহাটীত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ভয়াবহ ৰূপ ধাৰণ কৰাত ২৮ জুনৰ পৰা ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত ঘোষণা কৰিছে লক ডাউন। বৰ্তমান লক ডাউনৰ মাজত থকা মহানগৰীত বন্ধ হৈ আছে সকলো দোকান-বজাৰ, অফিচ-কাৰ্যালয়। অত্যাৱশ্যকীয় আৰু চিকিৎসা সেৱাৰ বাহিৰে গুৱাহাটীত সকলো বন্ধ, আনকি খাদ্য সামগ্ৰীৰ দোকান সমূহ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে। মহানগৰবাসীয়ে আখৰে আখৰে সকলো চৰকাৰী নিৰ্দেশনা পালন কৰি আছে যদিও ইয়াৰ মাজতে আকৌ কিছুমানে চলাই আছে বেপাৰ। আৰক্ষী প্ৰসাদনৰ চকুত ধূলি দি মদৰ বেপাৰ চলাই থকা এটা ঘটি উৎসাত হ’ল মহানগৰীৰ কাহিলিপাৰাত।
কাহিলিপাৰাৰ দক্ষিণগাঁৱৰ পোষ্ট অফিচৰ ওচৰত শনিবাৰে দুপৰীয়াৰ ভাগত মদৰ দোকান এখনৰ সন্মুখত বলেৰো গাড়ী এখন ৰখি থকা দেখি আৰক্ষীৰ বাহনৰ চলক জনে বলেৰো গাড়ীখনৰ ওচৰলৈ গৈ প্ৰত্যক্ষ কৰে যে মদৰ দোকানখনৰ পিছফালে থকা এটা সৰু ৰুমত মদ ৰখা হৈছে। আৰক্ষীৰ চলক জনক দেখা পাই ৰুমৰ ভিতৰত থকা এজন লোকে চলক জনক আক্ৰমণ কৰি পলায়ন কৰে। পিছত আৰক্ষীৰ লোক সকলে ৰুমৰ ভিতৰৰ পৰা কার্টুন ভৰ্তি মদ উদ্ধাৰ কৰি জব্দ কৰে।
আৰক্ষীয়ে সন্দেহ কৰিছে যে সন্মুখত থকা মদৰ দোকানখনে লক ডাউনৰ মাজতো চোৰাংকৈ মদ বিক্ৰী কৰাৰ বাবে দোকানৰ পিছফালে থকা ৰুমত মদ জমা কৰি ৰাখিছিল। ঘটনা সংক্রান্তত কোনো লোকে আটক হোৱা নাই যদিও আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত চলাই আছে।