আব্দুল হক

নগৰবেৰা

৪ জুলাই

এক যন্ত্ৰণাদায়ক যুগৰ অৱসান ঘটাই শিক্ষিত যুৱকে সাজিলে এখন পানীত ওপঙি থকা বাঁহৰ দলং। প্ৰায় দহ লাখ টকা খৰচ কৰি ১৫০ মিটাৰ দৈৰ্ঘ্যৰ খুটি বিহীন দলং নিৰ্মাণ কৰাত উৎফুল্লিত অঞ্চলবাসী। চৰকাৰ অথবা জনপ্ৰতিনিধি ধনেৰে নহয়, গাঠিৰ ধন ভাঙি কেইজনমান শিক্ষিত যুৱকে নিৰ্মাণ কৰিলে এই দলংখন।

বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ কাছুমাৰা বজাৰ পাৰঘাটত ব্ৰহ্মপুত্ৰৰ সুতি নদীৰ ওপৰত কেইজনমান শিক্ষিত যুৱকে নিজৰ গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে ১৫০ মিটাৰ দৈৰ্ঘ্যৰ ওপঙি থকা দলং। খুটি বিহীন এই বিশেষ দলংখন ২৪২ টা ড্ৰামাৰ ওপৰত বাঁহৰ চাং দি নিৰ্মাণ কৰা হৈছে। প্ৰায় দহ লাখ টকাৰে নিৰ্মাণ কৰা কাছুমাৰা বজাৰ সংযোগী কাছুমাৰা এনছি ও ম’হচৰা সমন্বয় সেতুখন শনিবাৰে আনুষ্ঠানিক ভাৱে যাতায়তৰ বাবে মুকলি কৰে কাছুমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছিদ্দিক আলী আহমেদ আৰু আঞ্চলিক উন্নয়ন কমিটিৰ সভাপতি মৰিবৰ ৰহমান মোল্লাই।

উন্নয়ন কমিটিৰ সভাপতি মৰিবৰ ৰহমান মোল্লাই নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজৰ সুবিধাৰ বাবে এই বিশেষ দলংখন নিৰ্মাণ কৰা যুৱক সকলৰ প্ৰশংসা কৰি কয় যে দলং নিৰ্মাণত খৰচ হোৱা ধন অতি শীঘ্ৰে যুৱক কেইজনক ঘূৰাই দিয়া হ’ব। দলংখনেৰে যাতায়ত কৰা ৰাইজৰ পৰা যাতে কোনো ধৰণৰ টকা লোৱা নহয় তাৰ বাবে দলং নিৰ্মাণ সমিতিৰ সদস্য সকলক অনুৰোধ জনায় উন্নয়ন কমিটিৰ সভাপতি গৰাকীয়ে।

বাঁহেৰে নিৰ্মাণ কৰা এই বিশেষ দলংখন মুকলি হোৱাত স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে। যাতায়তৰ ক্ষেত্ৰত এই বৃহত্তৰ অঞ্চলৰ ৰাইজে ভোগ কৰি অহা দীৰ্ঘদিনীয়া এক সমস্যাৰ সমাধান ঘটিছে দলংখন মুকলি হোৱাত। অঞ্চলটোত যাতায়তৰ ক্ষেত্ৰত দৈনিক প্ৰায় চাৰি-পাঁচ হাজাৰ মানুহৰ যতন্ত্ৰনা দায়ক যুগৰ অৱসান ঘটিল। ৰাজ্য চৰকাৰ, স্থানীয় বিধায়ক, জিলা পৰিষদৰ সভানেত্ৰীৰ লগতে জিলা উপায়ুক্তক শীঘ্ৰে ইয়াত এখন পকী দলং নিৰ্মাণৰ বাবে দাবী জনায় স্থানীয় ৰাইজে।