আজিজ আলী

মুকালমুৱা 

৪ জুলাই

মুকালমুৱাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ প্ৰতিবাদ৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে৷ মুকালমুৱা ৰাজীৱ ভৱনৰ সন্মুখত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ প্ৰতিবাদ৷

আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিছতো দেশত বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য। কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ফলৰ আৰ্থিক ভাৱে জুৰুলা হৈ পৰা সাধৰণ জনতাৰ মূৰত পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে অধিক মাধমাৰ সুধাইছে। কেন্দ্ৰ চৰকাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাত প্ৰতিদিনে চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন দল-সংগঠনে। বিশেষকৈ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক কংগ্ৰেছ দলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰকখন। বিগত কিছুদিন ধৰি কংগ্ৰেছ দলে পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিক লৈ সাব্যস্ত কৰি আহিছে প্ৰতিবাদ। শনিবাৰেও মুকালমুৱাত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে পেট্ৰলৰ-ডিজেলৰ মূল্যবৃদ্ধিক লৈ আক্ৰমণ কৰে বিজেপি চৰকাৰক। বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ কর্মী সকলে বিজেপি চৰকাৰ হায়, হায়, সৰ্বানন্দ সোণোৱাল চৰকাৰ নিপাত যাওঁক, মূল্যবৃদ্ধি ৰোধ কৰক, মোডী চৰকাৰ হায়, হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

ধৰ্ণা কাৰ্য্যসুচীত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল মজিদ, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে মফিজুৰ ৰহমান, চাধুল্লা আলী, আচিছ কুমাৰ আহমেদ মুকালমুৱা জিলা পৰিষদৰ সদস্য তথা বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উপ সভাপতি খাইৰুল হক চৌধুৰী, ইয়ং ব্ৰিগেড সেৱা দলৰ ৰাজ্যিক সম্পাদক ইনজামামুল হক (ৰানা) অংশগ্ৰহন কৰে।