মুকালমুৱা, সংবাদ ৩৬৫, ২৫ মাৰ্চ : অনলাইনত শ্বপিং কৰাসকল সাৱধান হবৰ হ’ল । অনলাইন শ্বপিংত কৰা গ্ৰাহক সকলে ঠগৰ সন্মুখীন হৈ অহাৰ ঘটনাৰ পুনৰাবৃত্তি হ’ল মুকালমুৱাত l

বৰক্ষেত্ৰীৰ এজন যুৱকে অনলাইন শ্বপিংত ঠগৰ সন্মুখীন হ’ল l যুৱকজনে ঠগ খালে ফ্লিপ কাৰ্ট অনলাইন শ্বপিংৰ পৰা l ফ্লিপকাৰ্টত দামী কেমেৰা অৰ্ডাৰ দিয়াৰ পাছত দুর্ভাগ্যবশত কেমেৰাটোৰ সলনি আহিল এটা শিলহে ।

জানিব পৰা অনুসৰি বৰক্ষেত্ৰীৰ দৌলাশাৰ এজন যুৱকে কিছু দিন পূৰ্বে ফ্লিপকাৰ্টত এটা নিক’ন ডি ৫৩০০ মডেলৰ ৪১৯৯০ টকা দামৰ কেমেৰা অৰ্ডাৰ দিছিল। যুৱকজনে অনলাইন শ্বপিংত প্ৰদান কৰা মুকালমুৱাৰ ঠিকনাত সোমবাৰে কেমেৰাটো দিবলৈ আহিছিল ডেলিভাৰী বয় এজনে l ডেলিভাৰী বয়জনৰ পৰা যুৱকজনে কেমেৰাটো লৈ পিছত খুলি চাই দেখে যে ভিতৰত কেমেৰাৰ সলনি এটা শিল হে আছে l

এনেদৰে অনলাইন শ্বপিংত গ্ৰাহক সকলক ঠগি অহা কোম্পানী সমূহৰ বিৰুদ্ধে কোনে , কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেইটোহে এতিয়া লক্ষ্যণীয় বিষয় l