আব্দুল হক

নগৰবেৰা

২৬ এপ্ৰিল

দেশজুৰি কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌ তাণ্ডৱলীলা চলাই থকাৰ সময়তে নগৰবেৰাত শংকৰ আজান সমন্বয় সেতু অৰ্থাৎ দলং নিৰ্মাণ সমিতিৰ প্ৰশংসনীয় পদক্ষেপ। যাত্ৰীৰ মাজত বিনামূলীয়া মাক্স আৰু চেনিটাইজাৰ বিতৰণ শংকৰ আজান সমন্বয় সেতু পৰিচালনা কমিটিৰ।

শংকৰ আজান সমন্বয় সেতু পৰিচালনা কমিটিৰ উদ্যোগত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে নগৰবেৰা-পাহাৰপাৰা সংযোগী কাঠৰ দলঙখনেৰে পাৰাপাৰ হোৱা যাত্ৰী সকলক গাইপতি একোখনকৈ মাক্স আৰু চেনিটাইজাৰ বিতৰণ কৰা হয়।সোমবাৰে দলং পৰিচালনা কমিটিৰ বিষয়ববীয়া সকলে যাত্ৰীসকলৰ মাজত বিতৰণ কৰে মাক্স আৰু চেনিটাইজাৰ। কভিডৰ এই সংকটময় সময়ত দলং পৰিচালনা কমিটিয়ে গ্ৰহণ কৰা এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় সচেতন মহলে। ইপিনে শেহতীয়াকৈ দলং পৰিচালনা কমিটিৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ পৰা ভাড়া লোৱা আদি কৰি উত্থাপিত হোৱা একাধিক অভিযোগ নস্যাৎ কৰে দলং পৰিচালনা কমিটিৰ বিষয়ববীয়া আৰু ছাত্ৰ-ছাত্ৰী সকলে।

উল্লেখ্য যে দেশত প্ৰতিদিনে লক্ষাধিক লোক আক্রান্ত হৈছে কভিডত। কভিড আক্রান্তৰ সংখ্যা দেশত অভিলেখ সৃষ্টি কৰাত চিকিৎসালয় সমূহত ঠাইৰ অভাৱ হোৱাৰ লগতে অক্সিজেনৰ নাটনি হোৱা পৰিলক্ষিত হৈছে। অসমত বর্তমানলৈকে পৰিস্থিতি ভয়াবহ হোৱা নাই যদিও চৰকাৰে কভিড সংক্ৰমণ ৰোধৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে।নে