মানকাচৰ 

২৫ এপ্ৰিল

মানকাচৰৰ কালাপানী হাট-বজাৰত মাস্ক নিপিন্ধা লোক সকলক বিজেপিৰ যুৱ মৰ্চাই বিতৰণ কৰিলে মাস্ক। জিলাখনত দেওবাৰে ৩ জন লোকৰ শৰীৰত নতুনকৈ কভিডৰ অৱস্থিতি ধৰা পৰিছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত কভিড আক্রান্ত লোৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি পাইছে। 

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানীত তিনিদিনীয়া কাৰ্যসূচীৰে বিজেপিৰ জিলা যুৱ মৰ্চাই হাট-বজাৰত মাস্ক পৰিধান নকৰা লোকৰ মাজত মাস্ক বিতৰণ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। যোৱা ২৩ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিললৈ তিনিদিনীয়া কাৰ্যসূচীৰে বিজেপিৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা  যুৱ মৰ্চাৰ সভাপতি জাহাঙগীৰ আলম মণ্ডল কালাপানী বজাৰত মাস্ক বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰিছে। ঘৰৰ পৰা মাস্ক অভিহনে হাট-বজাৰত অহা লোক সকলক একো একোখন মাস্ক বিতৰণ কৰি যুৱ মৰ্চাৰ সভাপতি জনে সকলো ৰাইজক সজাগ আৰু সচেতন হোৱাৰ বাবে আহ্বান জনায়। কভিডৰ দ্বিতীয় ঢৌ অধিক ভয়াবহ বুলি যুৱ মৰ্চাৰ সভাপতি জনে প্ৰকাশ কৰি ৰাইজক সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে সজাগতা মূলক অভিযান চলায়। ইফালে জিলাখনত দেওবাৰে ৩৪ জনলৈ বৃদ্ধি পায় কভিড আক্ৰান্ত লোকৰ সংখ্যা। দেওবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত কভিডত নতুনকৈ আক্রান্ত হয় ৩ জন লোক।

দেওবাৰে নতুনকৈ আক্ৰান্ত হোৱা লোক তিনিজনৰ ভিতৰত দুজন ভুৰাকাটা গাঁৱৰ হোৱাৰ লগতে এজন লোক আছামকাটা গাঁৱৰ বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে। মন কৰিবলগীয়া যে জিলাখনত প্ৰতিদিনে ৩ ৰ পৰা ৭ জনকৈ লোক কভিড আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে।