নগাঁৱৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ২ এপ্ৰিল: নগাঁও জিলাৰ বৰক’লাত এগৰাকী মাতৃয়ে নিজৰ কন্যা সন্তানক পুখুৰীত পেলাই হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিষ্ঠুত মাতৃ গৰাকীয়ে নিজৰ তিনিমহীয়া কন্যা সন্তানৰ কান্দোনত অতিষ্ঠ হৈ পুখুৰীত পেলাই হত্যা কৰে। বৰক’লাৰ পালেংতলিত সোমবাৰে পুৱা শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহে।ইতিমধ্যে বেবেজীয়াৰ আৰক্ষীয়েসোণমাই বৰদলৈ নামৰ নিষ্ঠুৰ মাতৃ গৰাকীক আটক কৰিছে। উল্লেখ্য যে নিজ সন্তানক হত্যা কৰাৰ পিছত মহিলা গৰাকীয়ে দেওবাৰে শিশুটি ঘৰৰ পৰা নিখোজ হোৱা বুলি বেবেজীয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল।
