গুৱাহাটী, সংবাদ ৩৬৫, ২ এপ্ৰিল: মহানগৰী গুৱাহাটীৰ গণেশগুৰিৰ নায়নপুৰত এটা মছজিদৰ ওপৰত দেওবাৰে নিশা এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ চলায়। নিশা প্ৰায় ৮-১০ জনীয়া এটা দুৰ্বৃত্তৰ দলে গণেশগুৰিৰ নায়নপুৰত থকা মছজিদৰ ওপৰত আক্ৰমণ কৰি মছজিদৰ দুৱাৰ খিৰিকিৰ লগতে বিভিন্ন সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে। দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত মছজিদটোৰ বিস্তৰ ক্ষতি সাধন হয়। বিহাৰ, পশ্চিমবঙ্গৰ লগতে দেশৰ বিভিন্ন অঞ্চল বৰ্তমান সাম্প্ৰদায়িক সংঘৰ্ষৰ জুইত জ্বলি থকা সময়ত অসমটো সাম্প্ৰদায়িক সংঘৰ্ষৰ জুই লগোৱাৰ উদ্দেশ্যে দুৰ্বৃত্তই এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে। গণেশগুৰিৰ স্থানীয় ৰাইজে মছজিদৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে।