ৰঙাপাৰা, সংবাদ ৩৬৫, ১৮ মাৰ্চ : পঞ্চম বছৰৰ বাবে এ পি পি এল ফাউণ্ডেচনৰ উদ্যোগত “শিৰিষ বঁটা ২০১৯’ অনুষ্ঠান ১৬ আৰু ১৭ মাৰ্চত ৰঙাপাৰাৰ নাহৰণি চাহ বাগিচাত অনুষ্টিত হয়।

এক অনুষ্ঠানৰ যোগেদি এই বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ লগত নগদ এক লাখ টকা,এখন তাম্ৰ ফলক, অংগ বস্ত্ৰ আদি দিয়া হয়। এইবাৰৰ বিশিষ্ট শিল্পী শিৱচৰণ দাসক “শিৰিষ শিল্পী বঁটা ২০১৯ ” আৰু বিশিষ্ট সাহিত্যিক বিপিন মাহাটোলৈ “শিৰিষ সাহিত্য বঁটা” প্ৰদান কৰা হয়। উল্লেখ সদৌ অসম ভিত্তিক চাহ জনগোষ্ঠীয় লোক নৃত্যৰ কেতবোৰ প্ৰতিযোগিতা টিয়ক, চাবুৱা,কাজিৰঙা,ৰঙাপৰা আদি বিভিন্ন ঠাইত ইতিমধ্যে অনুষ্ঠিত হৈ যায় আৰু ১৬ মাৰ্চত ইয়াৰ পৰা নিৰ্বাচিত সকলক লৈ চূড়ান্ত প্ৰতিযোগিতা নাহৰনি চাহ বাগিচাত অনুষ্ঠিত হ’য়। এই উপলক্ষে ১৭ মাৰ্চত অনুষ্ঠিত মুখ্য অনুষ্ঠানত শ্ৰম-মন্ত্রী পল্লৱ লোচন দাস উপস্থিত থাকি বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানত এম জি ভি কে ভানু, কণ্ঠশিল্প মানস ৰবীন,এ পি পি এল ৰ মেনেজিং ট্ৰাষ্টি ধীৰাজ কাকতি আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।