পাটিয়ালা, সংবাদ ৩৬৫, ১৮ মাৰ্চ : পঞ্জাবৰ পাটিয়ালাত অনুষ্ঠিত হোৱা ২৩ সংখ্যক ফেডাৰেচন কাপত ৫২.৮৮ ছেকেণ্ডত ৪০০ মিটাৰ দৌৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে হিমাই দাসে। আনহাতে, ৫৩.১৫ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি দ্বিতীয় স্থান লাভ কৰে পুভাম্মাই। ৫৩.২৮ ছেকেণ্ড দৌৰি তৃতীয় স্থান লাভ কৰে ছৰিতাবেন গাইকোৱাড়।

হিমা দাসৰ সৰ্বশ্ৰেষ্ঠ সময় ৫০.৭৯ ছেকেণ্ড। জাকাৰ্টা এছিয়ান গেমছত হিমাই গঢ়িছিল এই অভিলেখ। ছেমি ফাইনেলতকৈ ১.৪৮ ছেকেণ্ড কম সময়ত সম্পন্ন দৌৰ।