আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৩১ জানুৱাৰী

ঐক্য সেনা অসমৰ সদস্য গোলাপজান আলীৰ মৃতদেহ সমদল কৰাক কেন্দ্ৰ কৰি শিৱসাগৰ নামতি চাৰিআলিত শনিবাৰে বিয়লি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। এই সন্দৰ্ভত ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকা, শিৱসাগৰ জিলাৰ সভাপতি বাবুল বেনেটসহ মুঠ সাত গৰাকী ঐক্য সেনা অসমৰ সদস্যক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

শিৱসাগৰ নগৰৰ সমীপৰ কালুগাঁও আমতলত যোৱা ২৮ জানুৱাৰীত এক পথ দুৰ্ঘটনাত গোলাপজান আলী নামৰ ঐক্য সেনা অসমৰ সদস্য আহত হৈছিল। শনিবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত গোলাপজান আলীৰ মৃত্যু হৈছিল। ঐক্য সেনা অসমৰ সদস্য গোলাপজান আলীৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ লৈ সমদল কৰি গোলাপজান আলীৰ গৃহলৈ আনি থকা অৱস্থাত নামতি চাৰিআলিৰ সমীপৰ এখন লাইন হোটেলৰ ভিতৰৰ পৰা কোনো লোকে সমদলটিক ইতিকিং কৰিছিল।সমদল পাৰহৈ যোৱাৰ পিছত নামতি অঞ্চলৰ এখন লাইন হোটেলত একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰে। এই আক্ৰমণত হোটেলখনৰ চৌহদত থকা এখন এল্ট্ৰ’ কে ১০ গাড়ী, চাৰিখন মটৰ চাইকেল ভাঙি চূৰমাৰ কৰে আক্ৰমণকাৰী দলটোৱে।হোটেলখনত কৰ্মৰত দুজন কৰ্মীৰ লগতে গ্ৰাহককো শাৰিৰীকভাৱে দলটোৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয়। ঘটনাস্থলীত নামতি, আমগুৰি, হালোৱাটিং, গেলেকী, শিমলুগুৰি, শিৱসাগৰ আৰক্ষী আৰু চি আৰ পি এফ বাহিনী উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰে। নিশা এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকা, শিৱসাগৰ জিলাৰ সভাপতি বাবুল বেনেট চাৰিফউদ্দিন আহমেদ, ছাহাবুদ্দিন আহমেন, নৰিতু ৰহমান, মিন্টু ৰহমান আৰু নৌচাদ আলিক শিৱসাগৰ আৰু আমগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আনহাতে লাইন হোটেলত আক্ৰমণৰ ঘটনাৰ লগত ঐকা সেনাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকা, শিৱসাগৰ জিলাৰ সভাপতি বাবুল বেনেট জড়িত নথকা বুলি ঐক সেনাৰ সদস্য সকলে দাবী কৰিছে। লাইন হোটেলত আক্ৰমণৰ ঘটনাৰ লগত জড়িত নথকাৰ পিছতো ঐকা সেনাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকা, শিৱসাগৰ জিলাৰ সভাপতি বাবুল বেনেটৰ লগতে অন্যান্য সদস্য সকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰত।