জোনমণি বেগম

বিশ্বনাথৰ

৩১জানুৱাৰী

দেওবাৰে বিশ্বনাথ জিলাৰ বৰগাঙত অসম পৰিবহন নিগমৰ নৱনিৰ্মিত বাছ আস্থান মুকলি কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই। বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাঙত প্ৰায় দুটা দশকধৰি জৰাজীৰ্ণ অৱস্থাত থকা বৰগাঙ বাছ আস্থানটো অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত নিৰ্মাণ কৰি দেওবাৰে ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

বাছ আস্থানটো মুকলি কৰে অসম চৰকাৰৰ সংখ্যালঘূ উন্নয়ন বিভাগৰ মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই। প্ৰায় ৭০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বাছ আস্থানটোৰ মুকলি অনুষ্ঠানত অধ্যক্ষ অশোক ভট্ট ৰায়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় যে সাৰথি ভ্ৰমণ আঁচনিৰ জৰিয়তে মুম্বাইৰ অসম ভৱনত ভাৰত বেঞ্জৰ মাৰ্চিডীজ বাছ চলাচলৰ কথা ঘোষণা কৰে। মুকলি অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দত্তই উন্মোচক হিচাপে উপস্থিত থাকি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। মন্ত্ৰী ৰঞ্জিত দত্তই কয় যে বৰগাঙত স্থাপন হোৱা বাছ আস্থানখনে বৰগাঙবাসী ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা পূৰণ কৰিলে।

বৰগাঙৰ পৰা চলা পৰিবহন নিগমৰ বাছৰ জৰিয়তে যাতায়াতৰ ক্ষেত্ৰত ৰাইজৰ যথেষ্ট সুবিধা হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী ৰঞ্জিত দাসে। বিহালীৰ ছাত্ৰ-ছাত্ৰী সকলৰ যাতায়াতৰ ক্ষেত্ৰত থকা সমস্যা সমুহ পৰিবহন নিগমৰ অধ্যক্ষক সমাধানৰ বাবে নিৰ্দেশ দিয়ে মন্ত্ৰী ৰঞ্জিত দত্তই।