শিৱসাগৰ, সংবাদ ৩৬৫, ২২ আগষ্ট: ছশ বছৰীয়া আহোম ৰাজবংশৰ টাই যাদুঘৰ বৰ্তমান মৃতপ্ৰায় অৱস্থাত। শিৱসাগৰ নগৰীৰ মাজ -মজীয়াতে থকা আহোম ৰাজবংশৰ ১৯৯২ চনতে নিৰ্মাণ কৰি উলিওৱা বহু উত্থান পতনৰ সাক্ষী টাই যাদুঘৰৰ ভিতৰলৈ সোমালেই উমান পোৱা যায় চৰকাৰী ধনেৰে পোষ্য বিষয়াৰ অমনোযোগিতা আৰু দায়িত্বহীনতা। আহোম জাতিৰ বিলুপ্তপ্ৰায় বহুতো বস্তু তথা অসমীয়া কৃষ্টি-সংস্কৃতি হেৰাই যাব ধৰা বহু বস্তু সংৰক্ষণ কৰি থোৱা হৈছে উক্ত ঘৰটোত। কিন্তু ঘৰটোৰ এনে অযত্নপালিত অৱস্থাৰ বাবে দুদিনৰ পিছতে গোটেই ঘৰটো নতুনকৈ মেৰামতি কৰাৰ প্ৰয়োজন হব। উক্ত ঘৰটোৰ চৌপাশে বিভিন্ন ধৰণৰ উদ্ভিদ গজি প্ৰায় জংঘলৰ ৰূপ লৈছে। ঘৰটোৰ খিৰিকীৰ গ্লাছ কেইখনমানো ভগ্নপ্ৰায় অৱস্থাত। ইয়াৰ উপৰিও ঘৰটোৰ সন্মুখতে টেকেলীয়া কন্দোৱে বাহ লৈ এক বিপদৰ্যয়ৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। লগতে ঘৰটো চিনাক্ত কৰণৰ বাবে লগোৱা চাইন বৰ্ড খনো খহি পৰা অৱস্থাত দেখিবলৈ পোৱা গৈছে। ফলত টাই যাদুঘৰ চিনি নোপোৱা অৱস্থাত পৰিণত হৈছে। শিৱসাগৰৰ পুখুৰীৰ পাৰতে অৱস্থিত টাই- যাদুঘৰটোৰ কাষতে কেইবাটাও চৰকাৰী কাৰ্য্যালয় থকাৰ পাছতো কোনো চৰকাৰী বিষয়াৰ চকু পৰা নাই এই ঘৰটোৰ ওপৰত। শিৱসাগৰ বাসী তথা সচেতন মহলৰ কেৱল এটাই প্ৰশ্ন এনেদৰেই ধ্বংস হৈ যাব নেকি আহোম সকলৰ আবেগ তথা ” টাই-যাদুঘৰ”।