আমিনুৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৬ মে’

শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ দৈনিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ৩০ খনৰো অধিক দোকান ভশ্মিভুত। বিদ্যুৎ বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ। ইফালে নগাঁও জিলাৰ এঘাৰমাইল শনিবাৰে নিশাৰ ভাগত সংঘটিত হোৱা অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় সাতখনকৈ দোকান।

দেওবাৰে পুৱতি নিশা শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ দৈনিক বজাৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। স্থানীয় লোকৰ পৰা জানিব পৰা মতে পুৱা প্ৰায় তিনি মান বজাত বিদ্যুৎ বিজুতিৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাত ৩০ খনৰো অধিক দোকান সম্পূৰ্ণৰূপে জুইত জাহ যায়।

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ অহাৰ বাবে আৰু বিদ্যুৎ বিভাগৰ গাফিলতি বাবে দোকান সমূহ সম্পূৰ্ণ জ্বলি ছাই হয় বুলি ৰাইজে অভিযোগ কৰে। লকডাউনৰ বাবে দিনৰ দুই বজাৰ পৰা জিলাখনৰ সকলো দোকান-পোহৰ বন্ধ হৈ থকাৰ মাজতে শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ দৈনিক বজাৰত পুৱতি নিশা এই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় পঞ্চাশ লাখ টকাৰ সামগ্ৰী জ্বলি ছাই হোৱা বুলি জানিব পৰা গৈছে।

ইফালে শনিবাৰে নিশাৰ ভাগত নগাঁৱৰ এঘাৰমাইলত সংঘটিত হয় অন্য এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত সাতখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মিভূত হয়৷ অগ্নিকাণ্ডত কোটি টকাৰ সামগ্ৰী জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ সাতখনকৈ গাড়ীয়ে স্থানীয় ৰাইজৰ সহযোগত প্ৰায় চাৰি ঘণ্টা সময় ধৰি চেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।