গুৱাহাটী

১৭ মে’

জাতিৰ প্ৰতি থকা দায়বদ্ধতা পালনৰ উদ্দেশ্যে অসম জাতীয় পৰিষদে সাম্প্ৰতিক ক’ভিড-সৃষ্ট পৰিস্থিতিত ৰাইজক সহায় কৰাৰ এলানি কার্যসূচী হাতত লৈছে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক সংবাদ মেলত এই কার্যসূচীৰ বর্ণনা দিয়ে৷ গগৈ আৰু ভূঞাই প্ৰকাশ কৰা মতে, ক’ভিড আক্ৰান্ত লোকসকলৰ লগতে ক’ভিড-পৰিস্থিতিত অসুবিধাৰ সন্মুখীন হোৱা লোকসকলক দলৰ স্বেচ্ছাসেৱকসকলে সেৱা আগবঢ়াব৷

‘জাতীয় সেৱক’ নামেৰে পৰিচিত হ’বলগীয়া দলৰ এই সদস্যসকলে ৰাইজক দৰৱ, খাদ্য তথা অন্য নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগানত সহায় কৰিব৷ যিসকল লোক নিজে ৰোগত আক্ৰান্ত হৈছে, যিসকলৰ ঘৰত চিকিৎসা বা অন্য প্ৰয়োজনীয় সামগ্ৰী আনি দিয়া লোক নাই, তেনে লোকৰ বাবে জিলা তথা জিলাৰ অন্তৰ্গত এলেকা ভিত্তিত কিছুমান হেল্পলাইন নম্বৰ আজি দলৰ সভাপতি লুৰীণজ্যোতি গগৈ মুকলি কৰি কয় যে উক্ত নম্বৰত ফোন কৰিলে ‘জাতীয় সেৱক’সকলে সংশ্লিষ্ট ব্যক্তিৰ সেই অভাৱ পূৰণৰ হকে অগ্ৰসৰ হ’ব৷ এই ক্ষেত্ৰত বিশেষকৈ ক’ভিড আক্ৰান্ত লোক, বৃদ্ধ, শিশু আৰু অসহায় মহিলা তথা কন্টেইনমেন্ট জোনৰ ভিতৰত পৰা লোকসকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত জাতীয় সেৱকসকলে অগ্ৰাধিকাৰ দিব৷

জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, “ক’ভিড মহামাৰী এতিয়া মহানগীৰৰ লগতে সৰু চহৰ আৰু গ্ৰাম্যাঞ্চললৈয়ো প্ৰসাৰিত হৈছে৷ এনে অৱস্থাত এনে বহু লোক আছে যাৰ হাতত প্ৰয়োজনীয় ধন আছে যদিও সান্ধ্য আইন বলৱৎ হৈ থকা বাবে বা উপযুক্ত লোকৰ অভাৱৰ হেতু দৰকাৰী কামটো সম্পাদন কৰিব পৰা নাই৷ আমাৰ জাতীয় সেৱকদকলে ৰাইজৰ এনে ধৰণৰ অভাৱসমূহ পূৰণ কৰিব৷”

আনহাতে, ইতিপূর্বে ক’ভিডত আক্ৰান্ত হৈ যিসকল লোকে সুস্থ হোৱাৰ পিছত এতিয়া প্লাজমা দান কৰিব বিচাৰে, তেনে লোকৰ নাম পঞ্জীয়নেৰে এটি ‘প্লাজমা বেংক’ স্থাপন কৰি দলে প্লাজমা সেৱাৰ কামো আৰম্ভ কৰিছে৷ এই সংক্ৰান্তত দলে www.plasmafinder.assamjatiyaparishad.org নামেৰে এটা ৱেবছাইট মুকলি কৰা বুলি উল্লেখ কৰি গগৈয়ে কয় যে প্লাজমা দান কৰিব বিচৰা লোকসকলে উক্ত ৱেবছাইটত নিজৰ নাম পঞ্জীয়ন কৰিলে ‘জাতীয় সেৱক’সকলে এই ক্ষেত্ৰত প্লাজমা দানৰ ক্ষেত্ৰত প্ৰয়োজনীয় সেৱা আগবঢ়াব আৰু প্লাজমাৰ প্ৰয়োজন হোৱা লোকক দাতাৰ তথ্য় যোগানৰ লগতে প্ৰয়োজন অনুসৰি প্লাজমা দানৰ ক্ষেত্ৰতো সহায় কৰিব৷

গগৈয়ে আজি প্ৰকাশ কৰা জিলা ভিত্তিক ক’ভিড সঁহাৰি নম্বৰসমূহ হ’ল: কামৰূপ (ম) জিলা- ৯১০১৩২১৬৭৯, ৯৪৩৫৭৩১৮২০; শিৱসাগৰ জিলা- ৮৮২২০৯১৫৭২, ডিব্ৰুগড় জিলা- ৮৮১২৮৭৬৪০৪, দৰং জিলা- ৬৯১০৯৯৭০০১, ধেমাজি জিলা- ৯৯৫৪৩৩২৪৩০, ৯১০১৭৩০২৬৮, ৮৬৩৮২৪০০৭৪, তিনিচুকীয়া জিলা- ৭৫৭৫৯৬৯৫৫৭, নলবাৰী জিলা- ৯৯৫৭৪৪৩০৫২, ৯৮৬৪৬৯৯০৫৮, ৮০১১৪৩০৫১৮, ৯৯৫৪৯০৬০১৩, ৮৬৩৮৫৭৪৬৩৬, হোজাই জিলা- ৯৮৬৪২২২০২৮, ৭০০২৮৩৫৫৮৯, যোৰহাট- ৭০০২৭৯৫২২৭, বঙাইগাঁও জিলা- ৮৬৩৮১৮২১২৯, লখিমপুৰ জিলা- ৯৭০৬০৬৮৯৭১, শোণিতপুৰ জিলা- ৬০২৬৫৫৬৫০৭, মৰিগাঁও জিলা- ৭০০২৩১৯২৮৪, বাক্সা জিলা- ৯৩৬৫১০৬৬৯১, বিশ্বানাথ জিলা- ৯৩৯৪১০৪৯২৯,, শদীয়া মহকুমা- ৮৮২২৫৮৭১৫৬, ধুবুৰী জিলা- ৮৬৩৮২৭৩০৬১, বজালী জিলা- ৮০১১৪৩৪৩৬৮, ৯৯৫৭৭০৯১৭৩, কামৰূপ জিলা- ৯৮৬৪২৯৪২৯৩৷ আজিৰ সংবাদ মেলত দলৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানো উপস্থিত আছিল৷

সংবাদ মেলখনত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ১৫ মে’ৰ দিনা অসমৰ মুখ্যমনত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰি জাতীয় পৰিষদে সকলোৰে বাবে বিনামূলীয়া টিকাকৰণ কাৰ্য্যসূচী শীঘ্ৰে ৰূপায়ন, টিকাকৰণৰ অনলাইন ৰেজিষ্ট্ৰেচনৰ পৰিৱৰ্তে গাঁও পঞ্চায়ত আৰু তৃণমূল পৰ্য্যায়ৰ স্বাস্থ্য কৰ্মীৰ দ্বাৰা ঘৰে ঘৰে ৰেজিষ্ট্ৰেচনৰ ব্যবস্থা, পদ্ধতিগত আৰু বিজ্ঞানসন্মত সজাগতা কাৰ্য্যসূচী গ্ৰহণ, গাঁও পৰ্যায়ত আৰু চহৰত ৱাৰ্ড পৰ্যায়ত ক’ভিড কেয়াৰ আৰু মনিটৰিঙৰ পৰিকল্পনা, সকলো স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ আৰু চিকিৎসা সেৱা ঘৰে ঘৰে প্ৰদান কৰা, শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ আছুতীয়া আঁচনি গ্ৰহণ, ব্যক্তিগত হস্পিটেল নাৰ্ছিংহসমূহৰ বিলসমূহ পৰীক্ষা কৰিহে পে’মেন্টৰ কৰা, সহজলভ্য আৰু সার্বজনীন অক্সিজেন আৰু এম্বুলেন্স ৰ ব্যবস্থা প্ৰতি গাঁও আৰু ৱাৰ্ডৰ বাবে কৰা, দৰিদ্ৰ আৰু দৈনিক মজুৰি কৰা লোকসকললৈ আৰ্থিক সাহায্য প্ৰদান, খেতিয়কৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবৰ কাৰণে চৰকাৰীভাৱে ব্যবস্থা গ্ৰহণ, চৰকাৰী খণ্ডত বিতব্যয়ীতা, সাংসদ, বিধায়ক, মন্ত্ৰী তথা উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়াসকলক আৰ্থিক বৰঙণি আগবঢ়াবৰ বাবে আহ্বান জনোৱা আৰু ক’ভিড পৰীক্ষা সহজলভ্য কৰাৰ ব্যৱস্থা হাতত লবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছিল৷

চৰকাৰী মিতব্যয়ীতাৰ অংশ হিচাপে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কম গুৰুত্বপূর্ণ চৰকাৰী আঁচনিসমূহ ৰূপায়নৰ কাম স্থগিত ৰাখি সেই ধন ক’ভিড নিয়ন্ত্ৰণত ব্যয় কৰিব লাগে বুলি মত প্ৰকাশ কৰি ভূঞাই কয় যে কেন্দ্ৰীয় চৰকাৰী বিশেষকৈ নতুন দিল্লীত নির্মাণ কৰি থকা ‘চেন্ট্ৰেল ভিষ্টা’ প্ৰকল্পৰ কাম তৎকালেই স্থগিত ৰাখি সেই ধন অসমৰ দৰে পিছপৰা ৰাজ্যৰ চৰকাৰসমূহক ক’ভিড নিয়ন্ত্ৰণৰ হকে খৰচ কৰিবলৈ আগবঢ়োৱা উচিত৷