উত্তৰ-পূৰ্বাঞ্চলৰ আঁচনি পর্যালোচনা বৈঠকত তথ্য আৰু সম্প্রচাৰ মন্ত্রী

গুৱাহাটী, ১৮ এপ্ৰিলঃ  কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী শ্ৰী ভেংকায়া নাইডুৱে আজি কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত দক্ষতা বিকাশ এটি অগ্ৰাধিকাৰ ক্ষেত্ৰ হ’ব পাৰে। ই মিডিয়া আৰু এণ্টাৰটেইণ্টমেন্ট জগতৰ প্ৰতিভাক পোষণৰ সুবিধা বহন কৰা কেন্দ্রীয় চৰকাৰৰ এক্ট ইষ্ট পলিচীৰ পৰিপূৰক হিচাপেও কাম কৰিব পাৰে। অৰুণাচলত প্রস্তাৱিত ফিল্ম আৰু টেলিভিচন প্রতিষ্ঠান আৰু আইজলত নির্মাণ হ ’বলগীয়া ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেশ্যনৰ স্থায়ী কোম্পাছে অঞ্চলটােৰ প্ৰতিভাৱান যুৱ প্ৰজন্মক উন্নত মানদণ্ডৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সক্ষম হ ’ব। গুৱাহাটীত আজি অনুষ্ঠিত উত্তৰ -পূর্বাঞ্চলৰ আঁচনি পর্যালোচনা বৈঠকত মন্ত্রীগৰাকীয়ে এই কথা সদৰী কৰে। অসমৰ মুখ্যমন্ত্রী শ্ৰী সর্বানন্দ সোণোৱালকে ধৰি মন্ত্ৰালয়ৰ জেষ্ঠ বিষয়া আৰু উত্তৰ – পূর্বাঞ্চলৰ ৮ খন ৰাজ্যৰ বিভিন্ন বিভাগৰ বিষয়াসকল বৈঠকত উপস্থিত আছিল।

শ্ৰী নাইডুই লগতে জানিবলৈ দিয়ে যে কলকাতাৰ সত্যজিত ৰয় ফিল্ম এণ্ড টেলিভিচন প্রতিষ্ঠানৰ সম্প্রসাৰিত চৌহদ হিচাপে অৰুণাচলত ৫০ একৰতকৈ অধিক ভূমি সাঙুৰি ২০০ কোটি টকা ব্যয় সাপেক্ষে ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউটৰ চৌহদ নির্মাণ কৰা হৈ ’ব। ইফালে, আইজলৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচনৰ স্থায়ী চৌহদটাে উত্তৰ -পূর্বাঞ্চলৰ লগতে সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মিডিয়া প্রশিক্ষণ ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ় দিয়া হ ‘ব বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে। প্রতিষ্ঠানখনৰ বাবে ২৫কোটি টকাৰ আনুমানিক ব্যয় ধার্য কৰা হৈছে।

সংবাদ পৰিৱেশকৰ ভূমিকা আৰু দায়িত্ব সন্দৰ্ভত শ্ৰী নাইডুৱে কয় যে উত্তৰ -পূর্বাঞ্চলৰ সৈতে জড়িত কেন্দ্ৰৰ উন্নয়নমূলক আঁচনি আৰু নীতিসমূহ প্ৰচাৰ কৰাতাে অত্যন্ত গুৰুত্বপূর্ণ দিশ। তেওঁ লগতে উল্লেখ কৰে যে এই অঞ্চলটোত উন্নয়নৰ একমাত্র পথ হৈ ’ল শান্তি। সন্ত্রাসবাদ আৰু উগ্ৰবাদে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত হেঙাৰ হৈ থিয় দিয়া বুলি উল্লেখ কৰি ভেংকায়া নাইডুৱে কয় যে সমাজৰ সকলো শ্রেণীৰ লোকৰ মাজত প্ৰচাৰৰ বাবে উন্নয়নমূলক আঁচনিসমূহত স্থানীয় ভাষা

আৰুত উপভাষাৰ প্ৰয়োগ অত্যন্ত আৱশ্যক। জনসাধাৰণৰ সৈতে যোগাযোগ অধিক উন্নত কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলত সম্প্রতি অল ইণ্ডিয়া ৰেডিঅ’ৰ ২৮ টা উপভাষা সম্প্রচাৰিত হৈ আছে বুলিও তেওঁ জানিবলৈ দিয়ে।

উত্তৰ-পূৰ্বাঞ্চলত কমিউনিটী ৰেডিঅ’ কেন্দ্র স্থাপনৰ ক্ষেত্ৰত তথ্য আৰু সম্প্রচাৰ মন্ত্ৰালয়ে ৰাজসাহার্যৰ পৰিমাণ ৯০%লৈ বৃদ্ধি কৰা বুলি বিভাগীয় মন্ত্রীগৰাকীয়ে সদৰী কৰে। উত্তৰ -পূর্বাঞ্চলত শেহতীয়াকৈ তথ্য আৰু সম্প্রচাৰ মন্ত্ৰালয়ে বিভিন্ন চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰাৰ কথা উনুকিয়াই শ্ৰী ভেংকায়া নাইডুই কয় যে অঞ্চলটােত শান্তি আৰু উন্নয়নৰ বার্তা বিলোৱাৰ ক্ষেত্ৰত চিনেমা এক শক্তিশালী মাধ্যম।