অনলাইন ডেস্ক সংবাদ ৩৬৫, ১৫ আগষ্টঃ সমগ্ৰ দেশজুৰি ব্যাপক কাৰ্যসূচীৰে ৭১ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যে দিয়া ভাষণত দুৰ্নীতিগ্ৰস্ত সকলৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰাম ভৱিষ্যতেও  অক্ষুন্ন ৰখাৰ ইংগিত দিয়ে। অসমতো বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি বিস্তৰ ক্ষতি সাধন কৰাৰ মাজতে ৰাজ্যজুৰি ব্যাপক কাৰ্য্যসূচীৰে স্বাধীনতা দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত জাতীয় পতাকা উত্তোলন কৰি দেশৰ হকে প্ৰণ আহুতি দিয়া বীৰ শ্বহীদ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে বানপানী তথা বিদ্যুৎ পৃষ্ট হৈ নিহত হোৱা লোকৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভাষণ প্ৰসংগ পাঁচ হাজাৰ বছৰীয়া পুৰণি ভাৰতীয় আধ্যাত্মিকতা, সভ্যতা আৰু দৰ্শনে বিশ্ব তথা দেশবাসীক কেনেদৰে উদ্ধুত্ত কৰিছে, সেই কথা ব্যক্ত কৰে। তেওঁ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ জলন্ত সমস্যা সমাধান আৰু ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ কাৰণে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথাও সদৰি কৰে।

 
নলবাৰীত স্বাধীনতা দিবস উদযাপনঃ নলবাৰী আৰক্ষী অধীক্ষৰ কাৰ্য্যালয়ত ৭১ সংখ্যক স্বাধীনতা দিবস উদযাপন কৰা হয়। নলবাৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে পতাকা উত্তোলন কৰাৰ পিছত জিলাখনৰ মুক্তিযুঁজাৰুসকলক সম্বর্ধনা জনোৱা হয়।
তিতাবৰত স্বাধীনতা দিবস উদযাপনঃ তিতাবৰত কটকটীয়া নিৰাপত্তাৰ মাজত তৃতীয় অসম আৰক্ষী বাহিনী খেলপথাৰত স্বাধীনতা দিৱস উদযাপন কৰা হয়। তিতাবৰৰ মহকুমাধিপতি কমলজিৎ তালুকদাৰে পতাকা উত্তোলন কৰে ।