কলগাছিয়া, ১৫ আগষ্টঃ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লোকমান বজাৰত স্বাধীনতা দিৱসৰ দিনাই সংঘটিত হৈছে এক ভয়াৱহ পথ দূৰ্ঘটনা।এএছ-১৫চি-৯০৫৬ নম্বৰৰ মালবাহী গাড়ীয়ে দুখন চাইকেল মহতিয়াই লৈ যোৱাত আমিনুল ইছলাম নামৰ ৭ বছৰীয়া  শিশু গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত উপস্থিত লোকে শিশুটোক গাড়ীৰ তলৰ পৰা উদ্ধাৰ কৰি বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। উত্তেজিত জনতাই দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন ভাঙি চুৰমাৰ কৰে। পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।