গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুনঃ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যৰ সমাজ কল্যান বিভাগত সংঘটিত হোৱা ২,২৫০ কোটি টকাৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত ঠিকাদাৰ পৱন কুমাৰ আগৰৱালাৰ গুদামৰ পৰা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে সোমবাৰে অভিযান চলাই ১,০৫৫ টা চিলাই মেচিন জব্দ কৰে। গুৱাহাটীৰ চানমাৰিস্থিত ঠিকাদাৰ পৱন কুমাৰ আগৰৱালাৰ গুদামৰ পৰা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে জব্দ কৰা চিলাই মেচিন সমূহৰ মূল্য প্ৰায় ৮০ লাখ টকা বুলি জানিব পৰা গৈছে। সমাজ কল্যাণ বিভাগৰ ২,২৫০ কোটিটকীয়া কেলেংকাৰীৰ অন্যতম অভিযুক্ত পৱন কুমাৰ আগৰৱালা নামৰ ঠিকাদাৰজনৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই চিলাই মেচিনসমূহ জব্দ কৰা হয়। বৰ্তমান জামিনত থকা সমাজ কল্যান বিভাগৰ কেলেংকাৰীৰ অভিযুক্ত পৱন কুমাৰ আগৰৱালাক যোৱা ৩ জুনত বিশেষ আদালতে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। অভিযানকাৰী দলটোৱে জব্দ কৰা চিলাই মেচিন সমূহৰ মূল্য প্ৰায় ৮০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে চিলাই মেচিন জব্দৰ পিছতে ঠিকাদাৰ পৱন আগৰৱালায়ে কয় যে সমাজ কল্যাণ বিভাগে চিলাই মেচিনসমূহ গুদামত থ’ব দিছিল।