শিলচৰৰ দুই যুৱ সাংবাদিক অবিশেষ ৰয় আৰু পম্পী পালৰ সহযোগত গুৱাহাটীৰ পৰা হাস্না বেগম, সংবাদ ৩৬৫, ৪ এপ্ৰিলঃ পৰেশ মজুমদাৰ, কেইবাদশক ধৰি সময়ক সঠিক গতিত চলাই জীৱন নিৰ্বাহ কৰি আছিল তেওঁ। কিন্তু সময়ে সকলো শেষ কৰি পেলালে পৰেশৰ।
শিলচৰ চহৰৰ পদপথত ঘড়ী মেৰামতি কৰা পৰেশৰ সময় কিন্তু সদায় এনেকুৱা নাছিল। শিলচৰত এসময়ত পৰেশৰ আছিল ঘড়ী মেৰামতি কৰা এখন দোকান। কিন্তু সময়ৰ সোঁতত লাহে লাহে ঘড়ী মানুহৰ ঘৰৰ দেৱাল আৰু হাতৰ পৰা আঁতৰি মোবাইলত আবদ্ধ হৈ পৰাত পৰেশৰ দোকানখনো পদপথলৈ আহিল। সময়ৰ এই পৰিৱৰ্তনৰ ফলত দুবেলা দুমুঠিৰ বাবে পদপথত সংগ্ৰাম কৰিব লগা হৈছে পৰেশে। ঘড়ীৰ প্ৰচলন ক্ৰমাৎ সময়ৰ সোঁতত বিলীন হ’বলৈ ধৰাত পৰেশ প্ৰতিদিনে নিজৰ পদপথত থকা ঘড়ী মেৰামতিৰ দোকানখনত দৈনিক ৫ৰ পৰা ৫০ টকা উপাৰ্জন কৰি নিজৰ লগতে নিজৰ ৰুগীয়া পত্নীক পোহপাল দি আছে।
হুইল চেয়াৰত ১২ বছৰে আবদ্ধ হৈ থকা পৰেশৰ ৰুগ্ন পত্নী পৰিমিতাই সময়ৰ কোবত মানসিক আৰু শাৰীৰিক শক্তি হেৰুৱাই পেলাইছে যদিও পৰেশৰ বাবে তেওঁ জীৱন যুদ্ধৰ একমাত্ৰ শক্তিৰ উৎস।
বৰ্তমান বন্ধ হৈ পৰা শিলচৰৰ পৰা প্ৰকাশিত বাংলা দৈনিক কাকত ‘সোণাৰ কাছাৰ’ৰ সাংবাদিক আছিল পৰিমিতা। ১২ বছৰ পূৰ্বে এটা পথ দুর্ঘটনাত নিজৰ মানসিক আৰু শাৰীৰিক শক্তি হেৰুওৱা পৰিমিতা আবদ্ধ হৈ পৰে হুইল চেয়াৰত। আৰ্থিকভাৱে জুৰুলা হৈ পত্নীৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে পৰেশ মজুমদাৰে। সমাজ কল্যান বিভাগ আৰু জিলা উপায়ুক্তৰ কাষ চাপিও কোনো ধৰণৰ সুফল নাপালে তেওঁ। ফলত পদপথতে তেওঁ অব্যাহত ৰাখিছে সময়ৰ সৈতে নিজৰ যুঁজ।
দুগৰাকীকৈ বিবাহিত জীয়াৰী থকাৰ পিছতো পৰেশ বৰ্তমান নিঠৰুৱা। সময়ক সঠিক গতিত চলাই নিয়া এই দুৰ্ভগীয়া লোকজনৰ সময় পুনৰ ভালৰ ফালে গতি কৰিবনে? এতিয়াও ভাল সময়ৰ বাবে অপেক্ষাৰত পৰেশ মজুমদাৰ।