কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৫ এপ্ৰিলঃ বৰপেটা জিলাৰ কৃষক সকল কোনো ধৰণৰ চৰকাৰী সহায় নোলোৱাকৈ কৃষিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে চহকী ৰাজ্য পাঞ্জাৱ আৰু বিহাৰৰ কৃষক সকলৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে। বিঘাই প্ৰতি ৩ হাজাৰ টকা খৰচ কৰি ১৫ কুইণ্টল মাকৈ উৎপাদন কৰি কৃষি বিপ্লৱৰ সূচনা কৰিছে।

মাকৈ উৎপাদনৰ ক্ষেত্ৰত পাঞ্জাৱ আৰু বিহাৰ তুলনা অসম যদিও পিছপৰা কিন্তু বৰপেটা জিলাৰ কৃষক সকলে নিজৰ পৰিশ্ৰমৰ দ্বাৰা অসমক পাঞ্জাৱ আৰু বিহাৰৰ সমতুল্য কৰিবলৈ সক্ষম হৈছে। বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ কৃষক সকলে ৰাজ্যত মাকৈ উৎপাদনৰ ক্ষেত্ৰত সূচনা কৰিছে এক কৃষি বিপ্লৱৰ। জিলাখনৰ কলগাছিয়া, গুনীয়ালগুৰি, খেল্লী, কান্দুলিয়া, চেনিমাৰী, ৰামপুৰৰ সহস্ৰাধিক কৃষকে কেইবা হাজাৰ বিঘা মাটিত মাকৈ উৎপাদন কৰি চপাবলৈ আৰম্ভ কৰিছে। এই বৃহত্তৰ অঞ্চলৰ কৃষক সকলে বিঘাই প্ৰতি ৩ হাজাৰ টকা খৰচ কৰি ১৫ কুইণ্টল মাকৈ উৎপাদন কৰি অতি কম খৰচত অধিক মুনাফা লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান মাকৈ উৎপাদন এক লাভজনক খেতি হৈ পৰাত অঞ্চলটোৰ কৃষক সকল এই খেতিৰ প্ৰতি আকৰ্ষিত হোৱা পৰিলক্ষিত হৈ পৰিছে।

মাকৈ উৎপাদন কৰি লাভবান হোৱা কৃষক সকলে জানিবলৈ দিয়ে যে নিবনুৱা সমস্যাৰে জৰ্জৰিত ৰাজ্যখনত যদি চৰকাৰে মাকৈ উৎপাদনৰ বাবে যুৱ প্ৰজন্মক সহায় সহযোগিতা প্ৰদান কৰে তেন্তে ৰাজ্যৰ নিবনুৱা সকলে কৃষি কাৰ্যৰ জড়িয়তে কৰ্ম সংস্থাপন পোৱাৰ লগতে ৰাজ্যখনো কৃষিৰ ক্ষেত্ৰত বহু আগবাঢ়ি যাব।