বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ৪ এপ্ৰিলঃ বঙাইগাঁও মহাবিদ্যালয়ত বঙাইগাঁও জিলা প্ৰশাসন আৰু আৰক্ষীৰ উদ্যোগত আৰু বঙাইগাঁও মহাবিদ্যালয়ৰ সহযোগত বুধবাৰে ৰাজ্যত মহিলা সকলৰ বিৰুদ্ধে সংঘটিত হৈ থকা অপৰাধজনীত ঘটনাৰ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। বঙাইগাঁও জিলা উপায়ুক্ত বাবুলাল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপায়ুক্ত গৰাকীয়ে মহিলা সকলক মোবাইল ফোনৰ যোগেদি হওক অথবা অন্য মাধ্যমেৰে হওক অচিনাকি লোকৰ লগত কথা পাতোতে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। এই সজাগতা সভাত জিলা আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মন, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব দীপাক্ষী বৰঠাকুৰ, চৰকাৰী অধিবক্তা চন্দনা চৌধুৰীকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মহিলা সকলৰ বিভিন্ন সমস্যা আৰু সমাধানৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। সভাত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰীৰ লগতে প্ৰায় পাচশতাধিক মহিলা উপস্থিত থাকে।