ফজলুৰ ৰহমান

সোণতলী

৪ মার্চ

অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্রতৰ হৈ উঠিছে। দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান অন্ত পেলাবলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাৰ্থী সকলে ব্যাপক প্ৰচাৰ অভিযান চলাই থকা পৰিলক্ষিত হয়।

শনিবাৰে কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলীত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ এক বিশাল নিৰ্বাচনী সভা৷ বকো সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী নন্দিতা দাসৰ প্ৰচাৰ সভাত জ্যেষ্ঠ কংগ্ৰেছ নেতা, বিধায়িনী দলৰ উপ দলপতি তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ লগতে সাংসদ গৌৰৱ গগৈয়ে নন্দিতা দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছৰ জেষ্ঠ্য নেতা ৰকিবুল হুছেইনে বিজেপি চৰকাৰৰ অপশাসমনৰ পৰা পৰিত্ৰাণ পাবলৈ মহাজোঁটৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক নন্দিতা দাসক ভোট দিয়াৰ বাবে সমষ্টিবাসীক আহ্বান জনায়। ৰকিবুল হুছেইনে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত বিজেপিয়ে এখনো আসন নাপায়। তৃতীয় পৰ্যায়তো বিজেপি শূণ্য হ’ব বুলি মন্তব্য কৰে। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পিচতে দল সলাই কংগ্ৰেছত অহাৰ বাট বিচাৰিব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে৷ এন আৰ চিৰ সময়ত মহিলা সকলক বিজেপি চৰকাৰে কৰা হাৰাশাস্তি বিষয়েও গুৰুত্বপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছৰ জেষ্ঠ নেতা গৰাকীয়ে। ভাষণ প্ৰসংগত ৰকিবুল হুছেইনে ২৪ ঘণ্টা বিজুলীৰ যোগান দিয়াৰ বিজ্ঞাপন দি অহা বিজেপিয়ে প্ৰকৃততে ২৪ বাৰ বিজুলী কটাৰ হে ব্যৱস্থা কৰিছে বুলি কয় আৰু এনে অৱস্থাত কংগ্ৰেছে দৰিদ্ৰ ৰাইজক ২০০ ইউনিটলৈ বিনামুলীয়া বিদ্যুৎ যোগান দিব বুলি প্ৰকাশ কৰি অসমত মিত্ৰজোঁটে ১০০ প্লাচ আসন লাভেৰে চৰকাৰ গঠন কৰাৰ নিশ্চিত বুলি দাবী কৰে।অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভীনেত্ৰীৰ দায়িত্বত থকা বকো সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ হৈ প্ৰচাৰ চলাবলৈ অহা সাংসদ গৌৰৱ গগৈয়ে বিজেপি দল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছ দলৰ ৫  নম্বৰ গেৰান্টীৰ লগতে পুণৰ দক্ষিণ কামৰূপ জিলা প্ৰতিষ্ঠাৰ বাবে ৰাহুল গান্ধীয়ে দিয়া ৬ নম্বৰ গেৰান্টীৰ কথা ৰাইজৰ মাজত দোহাৰে৷

নিৰ্বাচনী সভাত বকোৰ কংগ্ৰেছ প্ৰাৰ্থী তথা বিধায়িকা নন্দিতা দাসে তেওঁৰ আধৰুৱা কামসমূহ পূৰণ কৰিবলৈ তেওঁক পুনৰাই ৰাইজে বিধায়িকা হিচাপে নিৰ্বাচিত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়৷ প্ৰায় পঞ্চাছ হাজাৰ লোকৰ সমাৱেশ ঘটা নিৰ্বাচনী প্ৰচাৰ সভাখনত কংগ্ৰেছ দলৰ ষ্টাৰ কেম্পেইনাৰ তথা ভাৰতৰ জনপ্ৰিয় শ্বায়েৰী সম্প্ৰাট ইমৰান প্ৰতাপগড়ী, জনপ্ৰিয় কণ্ঠশিল্পী তথা চাবুৱা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আজয় ফুকন, মৰিয়নি সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী, বাবু বৰুৱা, নেকিব আহমেদ, চট্টিশগড়ৰ মন্ত্ৰী গোলাপ কামৰে প্ৰমূখ্যে নেতৃবৃন্দই দিয়া বক্তব্য আৰু নিৰ্বাচনী গীতে ভোটাৰ ৰাইজক আকৰ্ষিত কৰি তোলে