বঙাইগাঁও

৩ এপ্ৰিল

ৰাজ্যখনৰ ভােটাৰসকলক সজাগ কৰাৰ অৰ্থে প্ৰণালীবদ্ধ ভােটাৰ শিক্ষা আৰু নিৰ্বাচনত অংশগ্রহণ চমুকৈ ‘ছুইপ’ৰ অধীনত চলাই থকা সজাগতা অভিযানৰ অংশ হিচাপে বঙাইগাঁও জিলা নির্বাচনী বিষয়াৰ বিশেষ উদ্যোগত বঙাইগাঁৱৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলত ভােটাৰৰ দ্বাৰা গছপুলি ৰােপণৰ এক বিশেষ কার্যসূচী ৰূপায়িত কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে। গণতন্ত্র সৈতে শ্রীবৃদ্ধি শীর্ষক বিষয়েৰে জিলা নির্বাচনী বিষয়া ডাঃ এম এছ লক্ষ্মীপ্রিয়াই জিলাখনৰ ভােটাৰসকলক সজাগ কৰাৰ বাবে গ্ৰহণ কৰা এই কাৰ্যসূচীত ১৫০০ তকৈও অধিক ভােটাৰে অংশগ্ৰহণ কৰে।

শুকুৰবাৰে পুৱা ১১ বজাত আৰম্ভ হােৱা এই বৃক্ষ ৰােপণ কার্যসূচীত ৩২ মিনিটৰ ভিতৰত ৩২ হাজাৰ গছপুলি ৰােপণ কৰা হয়। অসম বিধানসভাৰ বঙাইগাঁও সমষ্টিৰ ক্রমিক নম্বৰ ৩২ হােৱা বাবে এই সংখ্যক গছপুলি ৰােপণৰ ব্যৱস্থা কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ জুৰি সদস্য জীতেন্দ্র জৈনে ভােটাৰক সজাগ কৰাৰ বাবে একে স্থানত একে সময়তে সর্বাধিক গছপুলি ৰােপণ কৰাৰ ক্ষেত্ৰত অভিলেখ গঢ়াৰ প্ৰমাণ পত্র প্রদান কৰে। গছপুলি ৰােপণ কার্যসূচীত স্থানীয়ভাৱে সহজতে পােৱা আৰু কাকৈজানা সংৰক্ষিত বনাঞ্চলত থকা সােণালী বান্দৰৰ খাদ্যৰ উৎস হিচাপে আমলখি, ভৈৰা, জামু, গমাৰি, কৰৈ, শিলিখা, ভাতঘিলা, খাচিয়া বাদাম, পমা, মধুৰীআম, লেতেকু, কঠাল, অর্জুন, উৰিয়াম, এজাৰ, বকুল, দেৱদাৰু, অশােক, মজ, অমৰা, কছ, কাঞ্চন, জলফাই, তেতেলী, পনিয়ল, চতিয়না আদি গছৰ পুলি ৰােপণ কৰা হয়। উল্লেখযােগ্য যে সােণালী বান্দৰক বঙাইগাঁও নির্বাচনী জিলাৰ শুভংকৰ ৰূপে ঘােষণা কৰা হৈছে। এই বিশেষ গছপুলি ৰােপণ কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ মুখ্য নির্বাচনী বিষয়াই যাৱতীয় সকলাে সহযােগিতা আগবঢ়ায়।

এই কাৰ্যসূচীত ৰাজ্যিক নির্বাচনী আইকন বিশিষ্ট অভিনেতা কপিল বৰা, বিশিষ্ট কণ্ঠশিল্পী অনিন্দিতা পাল আৰু পেচাইক্লিষ্ট ৰাকেশ বণিক আৰু উপ মুখ্য নির্বাচনী বিষয়া ডিম্পল বৰুৱা উপস্থিত থাকে। এই কাৰ্যসূচীৰ জৰিয়তে অহা ৬ এপ্রিলত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভােটগ্রহণ প্রক্রিয়াত সকলােকে ভােট দান কৰিবৰ বাবে উৎসাহিত কৰাৰ লগতে আহ্বান জনোৱা হয়।