ফজলুৰ ৰহমান

সোণতলী

৮ এপ্ৰিল

সোণতলীত ভয়ংকৰ ধুমুহা আৰু শিলাবৃষ্টি। হাজাৰ হাজাৰ পলিয়ালৰ ব্যাপক ক্ষতিসাধন৷ সোণতলীৰ সেলেসুঁতি, পুৰাণগাঁও, ছমৰীয়াপাম, ৰঙাপানী, কালাতলী, কিছমত কাঠমী আদিকে ধৰি কেইবাখনো গাঁৱৰ বৃহৎ ক্ষতি সাধন৷

পুৱতি নিশাৰ ভাগত অহা ভয়ংকৰ ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ লগতে সোণতলীত ব্যাপক ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ ধুমুহাৰ ফলত সোণতলীৰ সেলেসুঁতি, পুৰাণগাঁও, ছমৰীয়াপাম, ৰঙাপানী, কালাতলী, কিছমত কাঠমী আদিকে ধৰি কেইবাখনো গাঁৱৰ বৃহৎ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে। নিশা প্ৰায় ৩.৩০ বজাত কাল ধুমুহাই আৱৰি ধৰে সমগ্ৰ সোণতলী অঞ্চলটো৷ ধুমহাৰ ফলৰ নিমিষতে বিধ্বস্ত হৈ পৰে হাজাৰ হাজাৰ পৰিয়ালৰ বাসগৃহ৷ ৰাজপথৰ ওপৰত বাগৰি পৰে বহু প্ৰকাণ্ড প্ৰকাণ্ড গছ৷ প্ৰকাণ্ড প্ৰকাণ্ড গছ ৰাজপথৰ ওপৰত বাগৰি পৰাৰ লগতে বিদ্যুৎৰ তাঁৰ ছিঙি পৰাত যাতায়ত ব্যৱস্থা সম্পূৰ্ণ স্তব্ধ হৈ পৰে সোণতলীৰ বিভিন্ন অঞ্চলত। ইফালে বহু বিদ্যালয়-মহাবিদ্যালয়ৰ চাঁদ উৰুৱাই নিয়া ধুমুহাই।

নিশাৰ ভাগত অহা এই ভয়ংকৰ ধুমুহা আৰু শিলাবৃষ্টিত সোণতলী অঞ্চলটোৰ দুখীয়া-দৰিদ্ৰৰ ঘৰ দোৱাৰ, গছ-গছনি, কৃষি-শস্য আদিৰো ব্যাপক ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে। ধুমুহাৰ ফলত অঞ্চলটোত কেইবাগৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে। ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা দুখীয়া লোক সকলে চৰকাৰ-প্ৰশাসনৰ সহায় বিচাৰি কাতৰ অনুৰোধ কৰিছে।