মানকাচৰ

৭ এপ্ৰিল

ৰাজ্যৰ ভিতৰত সৰ্বাধিক ভোটদান কৰিলে দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসীয়ে। ৯২.৬০ শতাংশ ভোটদানেৰে ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰিলে দক্ষিণ শালমাৰা সমষ্টিয়ে আৰু দ্বিতীয় স্থান দখল কৰিলে মানকাচৰ সমষ্টিয়ে। ৫৯৩ টা পলিং বিষয়াৰ দলে ইভিএম, ভিভিপেড জমা দিয়াৰ পাছত বুধবাৰে আনুষ্ঠানিকভাৱে ছীল কৰা হ’ল দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত থকা ষ্ট্ৰং ৰূমত।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুই সমষ্টিত মঙলাবাৰে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত মঙলাবাৰে সন্ধিয়া ৮ বজাৰ পৰা বুধবাৰে পুৱা ১১ বজালৈ জিলাখনৰ ৫৯৩ টা ভোট গ্ৰহণ কেন্দ্ৰৰ পলিং আৰু প্ৰিজাইডিং বিষয়া সকল উপায়ুক্তৰ কাৰ্যালয়ত অস্থায়ীভাৱে নিৰ্মাণ কৰা মুঠ ৪২ টা কাউণ্টাৰত ইভিএম, ভিভিপেডকে ধৰি ভোট গ্ৰহণৰ সকলো সামগ্ৰী জমা দিয়ে। জিলাখনৰ অধীনত থকা ২১ নং মানকাচৰ সমষ্টিৰ ৩১৬ টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু ২২ নং দক্ষিণ শালমাৰা সমষ্টিৰ ২৭৭ টা ভোট গ্ৰহণ কেন্দ্ৰত মঙলাবাৰে পুৱা ৭ বজাৰ পৰা বিয়লি ৬ বজালৈ শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ অনুষ্ঠিত হয়। ইয়াৰ পিছতে মানকাচৰ সমষ্টিৰ পলিং আৰু প্ৰিজাইডিং বিষয়া সকল সন্ধিয়া ৮ বজাৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ত আহি ইভিএম আৰু ভিভি পেডকে ধৰি ভোট গ্ৰহণৰ সকলো সামগ্ৰী জমা কৰে। জিলাখনৰ দক্ষিণ শালমাৰা সমষ্টিৰ দুৰ্গম অঞ্চলৰ ভোট গ্ৰহণ কেন্দ্ৰৰ পলিং আৰু প্ৰিজাইডিং বিষয়া সকল নিজৰ নিজৰ ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা ভোট গ্ৰহণ সম্পন্ন কৰি নিশাৰ ভাগতে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ উভতি আহে। বুধবাৰে পুৱা প্ৰায় ১১ বজালৈ পলিং বিষয়া সকলে ভোট গ্ৰহণৰ সামগ্ৰী জমা দিয়াৰ পিছত দিনৰ প্ৰায় ১১.৩০ বজাত জিলা উপায়ুক্ত, নিৰ্বাচনৰ দায়িত্বত থকা পৰ্যবেক্ষক, প্ৰাৰ্থী সকলৰ প্ৰতিনিধি সকলৰ উপস্থিতিত ইভিএম আৰু ভিভি পেড ষ্ট্ৰং ৰূমত জমা কৰি ছীল কৰি দিয়া হয়। অহা ২ মে তাৰিখে ভোট গননাৰ দিনা সকলোৰে উপস্থিতিত ষ্ট্ৰং ৰূম মুকলি কৰি ভোটগণনা কৰা হ’ব। সমষ্টি দুখনৰ মুঠ ১৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য এতিয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ষ্ট্ৰং ৰূমত বন্দি হৈ আছে।

তৃতীয় তথা অন্তিম পৰ্যায়তৰ নিৰ্বাচনত অসমৰ ভিতৰত দক্ষিণ শালমাৰা মানকাচৰ জিলাত ভোটাৰ সকলে সৰ্বাধিক ভোটদান কৰাত জিলাখন ভোটদানৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে। জিলাখনৰ দুই সমষ্টিত থকা মুঠ ৪,১৫,৮৫৮ গৰাকী ভোটাৰৰ ভিতৰত ৯২.১৮ শতাংশ ভোটাৰে এইবাৰ নিৰ্বাচনত ভোটদান কৰিছে। ইয়াৰে দক্ষিণ শালমাৰা সমষ্টিত ১,৯৮,২০৯ গৰাকী ভোটাৰৰ ভিতৰত ৯২.৬০ শতাংশ ভোটাৰে ভোটদান কৰি ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰাৰ লগতে মানকাচৰ সমষ্টিৰ ২,২৬,৬৪৯ গৰাকী ভোটাৰৰ ভিতৰত ৯১.৮৩ শতাংশ ভোটদান কৰি ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।