সোণাপুৰ, সংবাদ ৩৬৫, ১৮ এপ্ৰিল : সোণাপুৰত বৃহস্পতিবাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজিপিয়ে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে । সোণাপুৰত অনুষ্ঠিত হোৱা বিশাল সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ বক্তব্যত কয় যে কংগ্ৰেছৰ ৫৫ বছৰ শাসন কালত ৰাজ্যত মাত্ৰ ৬ খন মেডিকেল কলেজ প্ৰতিষ্ঠা কৰা হৈছিল , মোদী চৰকাৰৰ ৫ বছৰৰ শাসন কালত আৰু ৰাজ্য চৰকাৰৰ ২ বছৰ ১১ মাহ শাসন কালত আমি ৮ খন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিছোঁ , যাৰ অগ্ৰগতিৰ কাম চলি আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও খুব কম সময়তে ৰাজ্যত ব্ৰহ্মপুত্ৰৰ ওপৰত ৩ খন দলং উপহাৰ দিছে ।

আনহাতে এই সভাত কেন্দ্ৰ কাৰ্যনিৰ্বাহক মহেন্দ্ৰ সিং এ কয় যে বেলেগ এখন দেশত সোমাই আক্ৰমণ কৰা বিশ্বৰ ভিতৰত মাত্ৰ তিনি খন দেশ আছে আমেৰিকা , ইজৰাইল আৰু ভাৰত । মহেন্দ্ৰ সিং এ ভোটদাতা সকলক আহ্বান জনায় যে প্ৰথমে ভোটদান সাব্যস্ত কৰি তাৰ পিছত জলপান গ্ৰহণ কৰে ।

উক্ত সভাতে ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে কয় যে কংগ্ৰেছ গান্ধী পৰিয়ালৰ দখলত আছে , কংগ্ৰেছে পাকিস্তানক আক্ৰমণ কৰাৰ শাসক পোৱা নাছিল আমাৰ দলৰ প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিবলৈ পাৰিলে ।

ইফালে অসম গণ পৰিষদৰ সভাপতি তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই কয় যে কংগ্ৰেছৰ শাসন কালত বহুতো দূৰ্নীতি সংঘটিত হৈছিল , এইবাৰ চাহ জনজাতিৰ লোকসকলে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটকে ভোটদান কৰিব কাৰণ কংগ্ৰেছে বহু ঠগিছে চাহ জনজাতিৰ লোকসকলক ।

এই সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ড: মহেন্দ্ৰ সিং, ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা  , সাংসদ বিজয়া চক্ৰৱৰ্তী , কৃষি মন্ত্ৰী অতুল বৰা, তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষান, বি জে পি মুখ্য পাত্ৰ জয়ন্ত দাস, আৰু দিছপুৰৰ বিধায়ক অতুল বৰা উপস্থিত থাকে ।