গুৱাহাটী, সংবাদ ৩৬৫, ১৯ এপ্ৰিল : অজিত ভূঞা, নিতুমণি শইকীয়া,আফ্ৰিদা হুছেইন আৰু মঞ্জিত মহন্তৰ বিৰূদ্ধে চৰকাৰে দেশদ্ৰোহীতাৰ গোচৰ তৰা কার্যক তীব্ৰ ভাষাৰে বিৰোধীতাৰ লগতে গৰিহণা দিয়ে দুৰ্নীতি বিৰোধী যুৱ-শক্তি অসমে।

সংবাদ মাধ্যমৰ আগত তেওঁলোকে কয় “চৰকাৰে যিটো ফেচিছবাদী নীতি , ৰাজতন্ত্ৰত যিটো ব্যৱস্থা প্ৰৱৰ্তন কৰিব গৈছে , নৰেন্দ্ৰ মোদীক যিদৰে প্ৰতিবাৰেই ৰজা সাজিবলৈ গৈছে ইয়াৰ তীব্র বিৰোধীতা কৰিছোঁ। আমি কেতিয়াও উন্নয়নৰ বিৰোধী নহয়। কিন্তু উন্নয়ন মানে এইটো নহয় যে যিসকলে জনতাৰ হকে কথা কৈ আছে , যি সকলে জাতি-মাটি-ভেটিৰ কথা কৈ আছে তেওঁলোকক ভীতি প্ৰদৰ্শন কৰা হ’ব। ”

অসম চৰকাৰলৈ দাবী জনাই তেওঁলোকে কয় এনেদৰে অসমৰ যিসকলে জাতি-মাটি-ভেটিৰ কথা কৈ অসমীয়া ৰাইজক সুৰক্ষা দিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বিৰুদ্ধে এনেধৰণৰ অপবাদ বা ভীতি প্ৰদৰ্শন কৰাৰ যি ব্যৱস্থা লোৱা হৈছে ইয়াক কোনোপধ্যেই মানি লোৱা নহ’ব।

গণতান্ত্ৰিক এখন দেশত বাক স্বাধীনতা খৰ্ব কৰিবলৈ বিচৰাটো আটাইতকৈ লজ্জাজনক বিষয় হৈ পৰিছে। অসম চৰকাৰে প্ৰধানমন্ত্ৰীলৈ লিখিব লাগে এনেধৰণৰ যিকোনো এজন ব্যক্তিয়ে বিজেপি বা আৰ এছ এছৰে হওঁক কেৱল মাত্ৰ এখন কমপ্লেইন লেটাৰ দি বাৰে বাৰে অসমৰ সন্মানীয় ব্যক্তিসকলক ৰাষ্ট্ৰদ্ৰোহৰ দৰে অপৰাধ জাপি দিব নোৱাৰিব। ইয়াৰ বিৰুদ্ধে আহিব লগীয়া সময়ত আৰু যিসমূহ সমষ্টিত ভোট গ্ৰহণ হ’বলগীয়া আছে ইয়াৰ উচিত প্ৰত্যুত্তৰ বিজেপি দলক দিব।

গতিকে অসম চৰকাৰে অনতি পলমে কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰৰ যি সিদ্ধান্ত তাক বাতিল কৰিব লাগে ।