গুৱাহাটী, সংবাদ ৩৬৫, ২০ মে’ : হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ বিদেশী সমস্যা, ভিত্তিবৰ্ষ আৰু উচ্চতম ন্যায়ালয়ৰ ভূমিকা শীৰ্ষক সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱত এক আলোচনা চক্ৰৰ আয়োজন কৰে ।

সংবাদ মাধ্যমৰ আগত পৰিষদৰ সভাপতি বলেন বৈশ্যই কয় ” স্বাভাৱিকভাৱে বিদেশীৰ প্ৰৱজন হোৱা নাই । কৃত্ৰিম ভাৱে অসমত বিদেশীৰ প্ৰৱজন হৈছে। উদ্দেশ্যে প্ৰণোদিত ভাৱে ইয়াত বিদেশী আমদানি কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ ওপৰত সন্দেহ হোৱাৰ কাৰণ এইটোৱেই ১৭ নৱেম্বৰ তাৰিখে হয়তো ৰঞ্জন গগৈ অৱসৰ লব। ২০১৯ ৰ ভিতৰত এন আৰ চি সম্পূৰ্ণ কৰাৰ যি দাবী কৰি আছে সেই দাবী তেওঁৰ স্ব-বিৰোধী স্থিতিত নিজকে নিজে ধৰা দিছে। যি খন উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ ভিত্তিবৰ্ষক সন্মিলিত মহাসংঘ আৰু কেইবাটাও দল-সংগঠনৰ গোচৰ চলাই আছে সেই গোচৰৰ চূড়ান্ত ৰায়দান নোহোৱাকৈ ৭১’চনৰ ভিত্তিবৰ্ষ কৰিলে নহব।”

আলোচনাৰ অন্তত সভাত পৰিষদে কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱমৰ্মে অসম চুক্তিৰ পুনৰবাৰ দস্তাবেজ বুলি ঘোষণা কৰে আৰু কোনো কাৰণতে ১৯৭১ চন বিদেশী চিনাক্তকৰণ আৰু ভিত্তিবৰ্ষ হিচাপে মানি লোৱা নহব লগতে বিদেশী বিতাড়ণৰ ভিত্তিবৰ্ষ ১৯৫১ হ’বই লাগিব বুলি ঘোষণা কৰে।

অনা মুছলমান বিদেশীৰ ক্ষেত্ৰত ১৯৫০ চনৰ এক্সপ’লোচন এক্ট কঠোৰভাৱে বলবৎ কৰিবলৈ দাবী জনায় লগতে ভিত্তিবৰ্ষ সংক্ৰান্তীয় গোচৰৰ চূড়ান্ত মীমাংসা নোহোৱালৈকে এন আৰ চিৰ কাম বন্ধ ৰাখিবলৈও পৰিষদে দাবী জনায়।

ইয়াৰোপৰি উক্ত বিষয়সমূহ নতুনকৈ গঠিত হ’বলগীয়া কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উপস্থাপন কৰিবলৈ হিন্দু যুৱ ছাত্ৰ পৰিষদ,অসমৰ কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত দায়িত্ব দিয়ে।