গুৱাহাটী, সংবাদ ৩৬৫, ২১ মে’ : এগজিট প’লৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ নগাঁওৰ বিধায়ক ৰূপক শৰ্মাৰ । লোকসভা নিৰ্বাচনত বিজয় নিশ্চিত বুলি দাবী ৰূপক শৰ্মাৰ । অসমত বিজেপি মিত্ৰজোঁটে পাব ১০ খনৰো অধিক আসন।

প্ৰফুল্ল কুমাৰ মহন্তক কটাক্ষ ৰূপক শৰ্মাৰ। পৰেশ বৰুৱা আৰু প্ৰফুল্ল মহন্তৰ মাজত কোনো পাৰ্থক্য নাই । গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত বিশ্বাস নাই প্ৰফুল্ল মহন্তৰ। ভোটদান নকৰি বঢ়মপুৰৰ ৰাইজক অপমান কৰিছে মহন্তই।

আনহাতে,ৰূপক শৰ্মাক উভতি ধৰিলে প্ৰফুল্ল কুমাৰ মহন্তই । মহন্তই কয় “কেৱৰ বিৰোধিতাৰে মই ভোটদানৰ পৰা বিৰত আছিলো । ৰূপক শৰ্মাই এই কথা অনুধাৱন কৰিব পৰা নাই। অসমত খিলঞ্জীয়া সংখ্যালঘু হ’লেহে অনুধাৱন কৰিব পাৰিব। এগজিট প’ল সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া প্ৰফুল্ল কুমাৰ মহন্তৰ । এগজিট প’ল সঁচা হ’লে ভোটগণনাৰ কোনো প্ৰয়োজনেই নাছিল ।”

ইফালে এগজিট প’ল মিছা প্ৰমাণিত হ’ব বুলি প্ৰদেশ কংগ্ৰেছৰ দাবী। কংগ্ৰেছক মনোৰঞ্জনৰ খোৰাক দিছে এগজিট প’লে। দেশত ৮০ শতাংশ এগজিট প’ল মিছা প্ৰমাণিত হৈছে। সংবাদমেলত এনেদৰে মন্তব্য কৰে কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৱে।বিজেপিয়ে পুলৱামা, ছাৰ্জিকেল ষ্ট্রাইক, হিন্দু ৰাষ্ট্রক লৈ নিৰ্বাচন খেলিলে,উন্নয়নৰ কথা কৈ নিৰ্বাচন খেলিলে কংগ্ৰেছে।