সৰুপথাৰ, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য আৰু শ্ৰমিক আইন উলংঘা গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ প্ৰেমহৰাত ইটা ভাটাৰ মালিক বাংকা শ্বাহনী নামৰ ব্যৱসায়ী জনৰ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু শ্ৰমিক আইন ভঙ্গ কৰি ব্যৱসায়ী জনে চলাইছে ইটা ভাটা ৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ইটা ভাটাৰ চিমলিৰ উচ্চতা নুন্যতম ১০০(এশ) ফুট দৈঘ্যৰ আৰু চিংগল চিমলি হব লাগে যদিও বাংকা শ্বাহনী নামৰ ভাটাৰ মালিকজনে তাতকৈ বহু কম উচ্চতাৰ আলকাতাৰাৰ ড্ৰাম কাটি তৈয়াৰ কৰা দ্বৈত চিমলি ব্যৱহাৰ কৰিয়ে ইটা ভাটা চলাই আছে ৷ ফলত জনবসতি পূৰ্ণ অঞ্চলটোত ব্যাপক প্ৰদূষণৰ সৃষ্টি কৰিছে ৷ শ্ৰমিক আইন অনুসৰি শিশু শ্ৰমিকক কাম কৰোৱাটো আইন বিৰুদ্ধ ৷ কিন্তু উক্ত ইটা ভাটাৰ মালিকে শিশু শ্ৰমিককো নিয়োগ কৰিছে ইটা বনোৱা কাৰ্যত ৷ তাৰোপৰি ভাটাত কৰ্মৰত শ্ৰমিক সকলৰ বীমাও কৰা নাই ভাটাৰ মালিকে ৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা আৰু শ্ৰমিক আইন উলংঘা কৰি বাংকা শ্বাহনীয়ে কাৰ আৰ্শীবাদত ইটা ভাটা চলাইছে। আজিলৈকে গোলাঘাট জিলা আৰু ধনশিৰি মহকুমা প্ৰশাসনে বি বি আই নামৰ বাংকা শ্বাহানী মালিকানাধীন ইটা ভাটাটোৰ ক্ষেত্ৰত কোনো ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই এইলৈ সন্দেহ ঘণীভূত হৈছে সমগ্ৰ অঞ্চলটোত ৷