ৰঙিয়া, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: ৰঙিয়াৰ কলমণিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা দলে সোমবাৰে ক’লা পতাকা দেখুৱাই প্ৰতিবাদ কৰাৰ অভিযোগত আৰক্ষীয়ে ৭ প্ৰতিবাদকাৰীক আটক কৰি ৬ জনক আৰক্ষীয়ে অকথ্য নিৰ্যাতন চলাইছিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিছত সংবাদ মাধ্যমৰ সন্মুখত লজ্বাজনকভাবে প্ৰতিবাদকাৰীসকলৰ ধৰ্মীয় পৰিচয় দি সাম্প্ৰদায়িক মন্তব্য কৰাত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। সাম্প্ৰদায়িক মন্তব্য কৰি অশান্তিৰ সৃষ্টি কৰিব খোজাৰ বিৰুদ্ধে মঙ্গলবাৰে ৰঙিয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে বিশিষ্ট সমাজকৰ্মী হৰেশ্বৰ বৰ্মনে। এজাহাৰ দাখিল কৰি বিশিষ্ট সমাজকৰ্মী হৰেশ্বৰ বৰ্মনে ক্ষমতাৰ ৰাগীত বলিয়ান হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ স্বাৰ্থক জলাঞ্জলি দি নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ সমৰ্থনত জাত পাতৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে। মন্ত্ৰীজনৰ এনে সাম্প্ৰদায়িক মন্তব্য কৰাৰ বিৰুদ্ধে বিশিষ্ট সমাজকৰ্মী হৰেশ্বৰ বৰ্মনে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰি আৰক্ষীক বিহীত ব্যৱস্থা লবলৈ দাবী জনায় ।