সৰুপথাৰ, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ: ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে তৎপৰ সকলো দল-কৰ্মী। অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নির্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ বৃহস্পতিবাৰ দিনা অন্তিম দিন । গোলাঘাট জিলাৰ, ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ গোলাঘাট আঞ্চলিক পঞ্চায়তৰ ২১ জন আঞ্চলিক সদস্যৰ লগতে বৰপথাৰ, সৰুপথাৰ আৰু নৱজ্যোতি ( ৩) খন জিলা পৰিষদ আৰু ২১ খন গাঁও পঞ্চায়তৰ সৰ্বমুঠ ২৭৩ টা পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা হয়। উল্লেখযোগ্য যে, এইবাৰৰ পঞ্চায়ত নির্বাচনত গৰিষ্ঠসংখ্যক মহিলা প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰা দেখা পোৱা গৈছে । আনহাতে, এইবাৰৰ পঞ্চায়ত নির্বাচনত অৱতীর্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ ক্ষেত্রত নির্বাচন আয়োগে যদিও কিছু পৰিমাণে শিক্ষাগত অৰ্হতাৰ নিৰ্ধাৰণ কৰি দিছে, তথাপিও বহু প্ৰাৰ্থীৰ ক্ষেত্রত জ্ঞানৰ নমুনা তেনেই তাকৰ দেখা পোৱা গৈছে।
