তামুলপুৰ, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰ বালিশিহাত বুধবাৰে নিশা কোনো আচিনাক্ত দুৰ্বৃত্তই এখন বাহন জ্বলোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণিত প্ৰকাশ যে বুধবাৰে নিশা গোবিন্দ কলিতা নামৰ লোক এজনৰ এখন মাল টনা এ.এছ. ২৫-চি চি-৯৮১১ নম্বৰৰ চাৰিচকীয়া বাহন খনত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰে। বাহন খনৰ মালিক গোবিন্দ কলিতাৰ ঘৰলৈ যোৱা পথচোৱা বেয়া হোৱা বাবে গোবিন্দই গাড়ীখন নিশা জিতেন ৰাভাৰ ঘৰত থয়। তাৰ পাছত নিশা কোনো দুৰ্বৃত্তই বৰ বালিশিহাৰ জিতেনৰ ঘৰৰ পৰা গোবিন্দৰ গাড়ীখন ঠেলি পথলৈ আনে আৰু গাড়ীখনত অগ্নি সংযোগ কৰে। নিশা প্ৰায় ১২-২০ বজাত গাড়ীখন দাউ দাউ কৈ জ্বলি উঠাত জিতেন ৰাভাই গম পাই চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকে গাড়ীখনৰ অগ্নি নিৰ্বাপন কৰে যদিও গাড়ীখনৰ অধিকাংশই অগ্নিদগ্ধ হৈ ক্ষতিগ্ৰস্ত হয়। খবৰ পোৱাৰ লগে লগে গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োৰ নেতৃত্বত এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে। সন্দেহ কৰা মতে কোনো দুৰ্বৃত্তই বাহনখন চুৰি কৰি নিয়াৰ চেষ্টা চলাইছিল যদিও চুৰি কৰাত ব্যৰ্থ হৈ গাড়ী খনত অগ্নি সংযোগ কৰি পলায়ন কৰে। ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে।