ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ: তৈলনগৰী ডিগবৈত অসম মুন্ডা মহাসভা অবিভক্ত ডিব্ৰুগড়-তিনিচুকীয়া জিলা সমিতি আৰু অবিভক্ত ডিব্ৰুগড় জিলা মুন্ডা মহিলা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ ১৪৩ তম জন্মজয়ন্তী উদযাপন কৰা হয়। বৃহস্পতিবাৰৰ এই কাৰ্য্যসূচিৰ দিনা টিংৰাই খেলপথাৰৰ পৰা ডিগবৈ চাৰিআলিলৈকে এক বৰ্ণাঢ্য শোভাযাত্ৰা কৰে। এই শোভাযাত্ৰাত হাজাৰ হাজাৰ লোকৰ সমাগম তথা অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। মুন্ডা জনসাধাৰণৰ মুক্তিৰ সপোন ৰচোতা অসাধাৰণ বীৰত্ব আৰু বুদ্ধিমত্তাৰে শক্তিশালী ব্ৰিটিছ মিছনেৰী আৰু সামন্তযুগীয়া শক্তিসমূহৰ বিৰুদ্ধে মাত মাতি অহা সকলৰ ভিতৰত তেওঁ আছিল অন্যতম সামাজিক, অৰ্থনৈতিক, শিক্ষা সামাজিক আদি সৰ্বাংগীন দিশত আগুৱাই নিয়াৰ প্ৰচেষ্টা আগত ৰাখি এইজনা মহান বীৰৰ আদৰ্শক জীয়াই ৰখাৰ প্ৰচেষ্টাৰে ডিগবৈত ১৪ আৰু ১৫ নৱেম্বৰৰ দুদিনীয়া কাৰ্য্যসূচীৰে ডিগবৈৰ টিংৰাই খেলপথাৰৰ আয়োজন কৰে ১৪৩ তম জন্মজয়ন্তী। বৃহস্পতিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীত পুৱাৰ ভাগত সমুহীয়া চাফাই অভিজান, বিভিন্ন দ’ল সংগঠনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে বিশেষ কেইগৰাকীমান স্থানীয় ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ উপৰিও সন্ধ্যাভাগলৈ অামন্ত্ৰিত শিল্পীৰ ৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানেৰে শেষৰ দিনাৰ অনুষ্ঠানৰ সামৰণি পৰে।