গৰ্গ জ্যোতি দাস

অভয়াপুৰী

২৬ মে’

অভয়াপুৰীত হস্তনিৰ্মিত ৰিভলভাৰ আৰু ৫ জাই সজীৱ গুলীসহ তিনিজনক গ্ৰেপ্তাৰ। বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই হস্তনিৰ্মিত ৰিভলভাৰ আৰু সজীৱ গুলীসহ তিনিজনক গ্ৰেপ্তাৰ কৰে। ধৃত লোক তিনিজন ডকাইত বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

অভয়াপুৰী মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত অভয়াপুৰী আৰক্ষীৰ এটা দলে অভিযান চলাই অভয়াপুৰীৰ নিকটৱৰ্তী ডুমুৰীয়া ২ য় খণ্ডত হস্তনিৰ্মিত ৰিভলভাৰ আৰু ৫ জাই সজীৱ গুলীসহ বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত দাবনদীয়াৰ ইনামূল হক নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত ইনামূল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত কলগাছিয়াৰ পৰা ৰহিম আলী আৰু কিচমত আলী নামৰ অন্য দুজন লোকক আৰক্ষীয়েগ্ৰেপ্তাৰ কৰে।

ধৃত লোক তিনিজন ডকাইত বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। তিনিওজনে ডকাইতিৰ পৰিকল্পনাৰে অভয়াপুৰী চহৰত প্ৰৱেশ কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তিনিওজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।