জোনমণি বেগম

বিশ্বনাথ

২৫ মে’

বিহালীত যুৱকৰ দলৰ মৰেল পুলিচগিৰি৷ বিহালীৰ কেটেলা চাহ বাগিচাৰ চাঙবাংলাৰ সমীপত ৫ জনীয়া উদণ্ড যুৱকৰ এটা দলে কেটেলা চাহ বাগিচাৰ কাৰ্যালয়ৰ পৰা সাপ্তাহিক মজুৰি লৈ গৃহমূখী হোৱাৰ বাটত এগৰাকী অসহায় যুৱতক আক্ৰমণ চলাই যুৱতী গৰাকীক ধৰ্ষণৰ চেষ্টা চলায় বুলি অভিযোগ উত্থাপিত হৈছে।

অসহায় যুৱতী গৰাকীয়ে যুৱকৰ দলটোৰ নিৰ্যাতনত বলি হৈ চিঞৰ-বাখৰ কৰাত যুৱকৰ দলটোৱে ঘটনাক অন্যৰূপ দিৱলৈ চেষ্টা চলাই যুৱতী গৰাকী প্ৰচণ্ড মাৰপিট কৰে৷ আনকি, যুৱতী গৰাকীক দলৱদ্ধভাৱে মাৰপিট কৰি যুৱকৰ দলটোৱে ভিডিঅ’ প্ৰস্তুত কৰি বিহালীত ৱাটচআপযোগে ভাইৰেল কৰে৷ জানিব পৰা মতে, যোৱা ২১ মে’ত সংঘটিত হোৱা এই ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিহালীত চাঞ্চল্য সৃষ্টি হৈছে।

ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে বিহালী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাই অনুসন্ধান চলাই বিহালী আৰক্ষীক অৱগত কৰাত অনুজ তাঁতি, নিৰেণ বাউৰী, অজিদা পাণ্ডে আৰু চামেল প্ৰজা নামৰ যুৱক কেইজনক বিহালী আৰক্ষীয়ে আটক কৰে৷ আনহাতে, অধিক তথ্যৰ বাবে বিহালী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে ধৃত যুৱক কেইজনক জেৰা চলাই আছে।