হাইলাকান্দি, সংবাদ ৩৬৫, ১৮ মাৰ্চ : চাহ বাগিচা অঞ্চলত মদ আৰু জুৱা বন্ধ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিয়োগ, বিজ্ঞান শিক্ষকক এন আৰ চিৰ দায়িত্বৰ পৰ‍া অব্যাহতি দিয়াকে ধৰি কেইবাটোও দাবীত সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে হাইলাকান্দিত সাব্যস্ত কৰে এক উত্তাল প্ৰতিবাদ।

স্থানীয় ৰতনপুৰ ৰোডৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই হাইলাকান্দি চহৰৰ বিভিন্ন ৰাজপথ অতিক্ৰম কৰি অবশেষত সামৰণী মাৰে জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাঙ্গনত। জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ।

আনহাতে, এই প্ৰতিবাদৰ ফলত ব্যাহত হয় চহৰখনৰ সাধাৰণ জনজীৱন। অবশেষত সদৰ চক্ৰ বিষয়া ত্ৰিদিব ৰায় প্ৰতিবাদ স্থলীত উপস্হিত হৈ স্মাৰকপত্ৰ গ্ৰহন কৰাৰ পিছত প্ৰতিবাদ সমাপ্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে।